দিছপুৰলৈ অহা শতাধিক কৃষক মুক্তিৰ সদস্যক কৃৃষ্ণাইত বাছসহ আটক, থানাতে সাব্যস্ত কৰিলে প্ৰতিবাদ…

দিছপুৰলৈ অহা শতাধিক কৃষক মুক্তিৰ সদস্যক কৃৃষ্ণাইত বাছসহ  আটক, থানাতে সাব্যস্ত কৰিলে প্ৰতিবাদ…

ডিজিটেল সংবাদ,কৃষ্ণাই :গোৱালপাৰা জিলাৰ কৃষ্ণাইত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ৷ জিলা খনৰ বিভিন্ন স্থানৰ পৰা পাচঁখন বাছৰে কেইবাশতাধিক কৃষক মুক্তিৰ সদস্যই গুৱাহাটীত আয়োজিত সংগঠনটোৰ বিশাল গণ সমাবেশত যোগদান কৰাৰ বাবে যাত্ৰা কৰাৰ পিছতে কৃষ্ণাই আৰক্ষীয়ে বাছসহ সদস্যসকলক আটক কৰে।

পিছত ক্ষোভিত সদস্যসকলে কৃষ্ণাই আৰক্ষী থানাতে এক উত্তাল প্ৰতিবাদ কৰে ৷গুৱাহাটীত CAB ৰ বিৰুদ্ধে কৃষক মুক্তিৰ আন্দোলনত অংশগ্ৰহণৰ বাবে জিলাখনৰ পৰা প্ৰায় দুই হাজাৰ পুৰুষ মহিলা ওলাই অহিছিল ৷ কিন্তু বিভিন্ন থানাত আৰক্ষীয়ে বাছসহ সদস্যসকলক আৱদ্ধ কৰি ৰাখিছে বুলি আভিযোগ উত্থাপিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in