চেঙা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য-সু-অভিনেতা উমেশ ৰায়ৰ মৃত্যু, অঞ্চলজুৰি শোক

চেঙা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য-সু-অভিনেতা উমেশ ৰায়ৰ মৃত্যু, অঞ্চলজুৰি শোক

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ চেঙা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সক্ৰিয় সদস্য তথা সু-অভিনেতা বৰপেটা জিলাৰ বৰচেঙা নিবাসী উমেশ ৰায়ৰ শুকুৰবাৰে পুৱা ৭.০৫ বজাত পৰলোকপ্ৰাপ্তি ঘটে। প্ৰয়াত ৰায় কেইবাবছৰ ধৰি স্নায়ুৰোগত আক্ৰান্ত হৈ বিভিন্ন সময়ত চিকিৎসা গ্ৰহণ কৰি আহিছিল। স্বাস্থ্যৰ প্ৰতি সদা সচেতন প্ৰয়াত ৰায়ৰ যোৱা মাহত স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে তেওঁক বৰপেটা ফখৰুদ্দিন আলী আহমেদ হাস্পতালত ভৰ্তি কৰাইছিল যদিও শুকুৰবাৰে পুৱা বৰচেঙাস্থিত নিজগৃহত তেওঁৰ মৃত্যু হয়।

১৯৫৯ চনত জন্মগ্ৰহণ কৰা ৰায়ৰ মৃত্যুৰ সময়ত বয়স আছিল ৬১বছৰ। প্ৰয়াত ৰায় এগৰাকী সমাজকৰ্মী হোৱাৰ উপৰিও এগৰাকী সুদক্ষ অভিনেতা আছিল। ৰক্ষকুমাৰ, শিলাবৃষ্টি, পগলা মানুহ, দেউতা আদিকে ধৰি কুৰিখনৰো অধিক নাটকত বলিষ্ঠ অভিনয় কৰি অঞ্চলটোত নাট্য-কলাৰ দিশটো জীপাল কৰি দৰ্শক -ৰাইজক আপ্লুত কৰিছিল। প্ৰয়াত উমেশ চন্দ্ৰ ৰায়ৰ মৃত্যুত চেঙা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াই শ্মশানস্থলীতে এখন শোকসভা অনুষ্ঠিত কৰি নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে আৰু পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

সংসাৰৰ প্ৰতি অনাসক্ত প্ৰয়াত ৰায়ে মৃত্যুৰ সময়ত ককায়েক সুবোধ ৰয়, দুগৰাকী বৌৱেকৰ লগতে ধাৰাবাহিক 'খাপলাং কাই'ৰ গোবিন্দখ্যাত তপন ৰায়কে আদি কৰি কেইবাগৰাকী ভতিজা, নাতি-নাতিনীক এই সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in