নাগৰিকত্বৰ প্ৰতিশ্ৰুতি দিলে বাংলাদেশৰ আধা খালী হৈ যাবঃ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী…

নাগৰিকত্বৰ প্ৰতিশ্ৰুতি দিলে বাংলাদেশৰ আধা খালী হৈ যাবঃ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী…

ডিজিটেল ডেস্কঃ 'বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে গোটেই বাংলাদেশখনৰ আধা খালী হৈ যাব'- এই মন্তব্য কোনো 'কা' বিৰোধী নেতা অথবা বিৰোধী ৰাজনৈতিক দলৰ শাসনত থকা মন্ত্ৰী-বিধায়কৰ নহয়। বৰঞ্চ কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰীৰ দায়িত্বত থকা জি কিশান ৰেড্ডীয়ে দেওবাৰে হায়দৰাবাদত অনুষ্ঠিত হোৱা ছন্ট ৰবিদাস জয়ন্তী অনুষ্ঠানত ভাগ লোৱাৰ পাছত এই মন্তব্য কৰিছে।

স্পষ্টভাৱে তেওঁ কয়- 'বাংলাদেশৰ আধা খালী হৈ যাব যদিহে ভাৰতে বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।' ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাৰে আন্দোলনত নমা কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওঁক প্ৰত্যাহ্বান জনাই গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়- নাগৰিকত্ব সংশোধনী আইনে কেনেকৈ ভাৰতীয় নাগৰিকৰ ক্ষতি কৰিব তাক প্ৰমাণ কৰক। এওঁলোকে বিচাৰে সকলো অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰাতো। কিন্তু কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনত ভাৰতীয় নাগৰিকক ক্ষতি কৰিব পৰা এটা শব্দও যদি আছে তেনেহ'লে আইনখনৰ পুনৰ পৰ্যালোচনা কৰিবলৈ প্ৰস্তুত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যিক গৃহমন্ত্ৰীগৰাকীয়ে।

ভাৰতৰ ১৩০কোটি নাগৰিকৰ এজনৰো ক্ষতি হোৱাতো চৰকাৰে নিবিচাৰে। কিন্তু এয়া পাকিস্তানী বা বাংলাদেশী মুছলমানৰ বাবে নহয়। নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত স্পষ্ট কৰি দি মন্ত্ৰীগৰাকীয়ে কয়- এই আইন বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত নিৰ্যাতনৰ সন্মুখীন হোৱা লোকসকলৰ বাবেহে অনা হৈছিল। কিন্তু কিছুমান ৰাজনৈতিক দলে এই দেশসমূহৰ মুছলমান সকলকো নাগৰিকত্ব প্ৰদানৰ দাবী উত্থাপন কৰিছে।

অল ইণ্ডিয়া মজলিছে ইটহাদুল মুছলিমি নামৰ দলটোৰ টিআৰএছৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা সংগঠনটোৰ বিৰুদ্ধে ৰেড্ডীয়ে অভিযোগ উত্থাপন কৰি কয়- 'ভোট বেংক ৰাজনীতিৰ বাবে এওঁলোকেই এনে দাবী আন্দোলন গঢ়ি তুলিছে। মই মুখ্যমন্ত্ৰী কেচিআৰক প্ৰত্যাহ্বান জনাইছো তেওঁ প্ৰমাণ কৰক যে নাগৰিকত্ব সংশোধনী আইনে ১৩০কোটি নাগৰিকৰ ভিতৰত কোনো এজন নাগৰিকক ক্ষতিগ্ৰস্ত কৰিব নেকি?' শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰীক একাকাৰ নকৰিবলৈ সকীয়াই দি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে- কংগ্ৰেছে পাকিস্তান-বাংলাদেশৰ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ পোষকতা কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in