উপ ৰাজ্যপাল পদৰ পৰা অপসাৰনৰ পিছতে টুইট যোগে কি ক’লে কিৰণ বেদীয়ে…

উপ ৰাজ্যপাল পদৰ পৰা অপসাৰনৰ পিছতে টুইট যোগে কি ক’লে কিৰণ বেদীয়ে…

ডিজিটেল ডেস্ক ভি নাৰায়ণ স্বামী চৰকাৰৰ পৰা কংগ্ৰেছ বিধায়ক সকলে পদত্যাগৰ পিছত পুডুচেৰী ৰাজনৈতিক সংকটৰ মাজত উপ ৰাজ্যপাল কিৰণ বেদীক মঙলবাৰে নিশা তেওঁৰ পদৰ পৰা হঠাৎ আঁতৰ কৰা হৈছিল। ৰাষ্ট্ৰপতি ভৱনৰ সচিব অজয় কুমাৰ সিঙে জাৰি কৰা এক বিবৃতি অনুসৰি ৰাষ্ট্ৰপতিয়ে নিৰ্দেশ দিছিল ।

ইফালে এতিয়া পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ অতিৰিক্ত দায়িত্ব তেলেংগানাৰ ৰাজ্যপাল তামিলীচাই চেচাৰাজনৰ হাতত অৰ্পন কৰা হৈছে । উপৰাজ্যপাল পদৰ পৰা আঁতৰ কৰাৰ পিছত তেওঁ বুধবাৰে এটা টুইট কৰে কিৰন বেদীয়ে । বেদীয়ে টুইটত কয় "উদাৰ হৃদয়, তীব্ৰ মন, সাহসী আৱেগ। এইটো তেওঁৰ মেজত ৰখা ডায়েৰিৰ আৱৰণ।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in