‘অসমীয়া প্ৰতিদিন’ ডিজিটেল সংস্কৰণৰ বাতৰিৰ প্ৰভাৱ, দুৰ্ভগীয়া হেমন্তৰ বৃদ্ধ পিতৃ- মাতৃৰ কাষত বিধায়িকা আঙুৰলতা…

‘অসমীয়া প্ৰতিদিন’ ডিজিটেল সংস্কৰণৰ বাতৰিৰ প্ৰভাৱ, দুৰ্ভগীয়া হেমন্তৰ বৃদ্ধ পিতৃ- মাতৃৰ কাষত বিধায়িকা আঙুৰলতা…


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাইডঙীয়া আইভেটি কদমতল গাঁৱৰ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত শুকুৰবাৰে উপস্থিত হয় বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা আৰু নগাঁও জিলাৰ জুৰীয়াৰ উদীয়মান যুৱক তথা সমাজকৰ্মী ইলিয়াছ ৰহমত উল্লাহৰ নেতৃত্বত এটি সঁজাতি দল।

উল্লেখ্য যে, হেমন্ত শইকীয়া(জান) নামৰ যুৱক জনে ২০১২ চনত অনা অসমীয়া ঠিকাদাৰ ৰমেশ আগৰৱালাৰ নিৰ্দেশত নগাঁও জিলা আৰু কাৰ্বি আংলং জিলাৰ সমীপৱৰ্তী বালিজুৰি নামৰ গাঁৱৰ এখন আদৰ্শ চিকিৎসালয়ৰ নিৰ্মাণৰ বাবে শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল । তাতেই ২০১২ চনৰ ১৪ মাৰ্চত কাৰ্বি উগ্ৰপন্থী সংগঠনে নীৰিহ যুৱক হেমন্ত শইকীয়াক অপহৰণ কৰিছিল। এই বিষয়ে "সাত বছৰে চকুলো টুকি পদূলিমুখত বাট চাই আছে ৰাইদঙীয়াৰ হেমন্তৰ বৃদ্ধ পিতৃ মাতৃয়েঃ এমুঠি ভাতৰ বাবে অনা অসমীয়া ঠিকাদাৰৰ হৈ কাম কৰিবলৈ গৈ অপহৃত হোৱা এজন অসমীয়া যুৱকৰ কৰুণ কাহিনী" শীৰ্ষক এটি বাতৰি পোন প্ৰথমবাৰৰ বাবে অসমীয়া প্ৰতিদিনৰ কাকত, ডিজিটেল সংস্কৰণৰ আৰু প্ৰতিদিন টাইমত সবিস্তাৰে প্ৰকাশ হোৱাৰ পাছত শুক্ৰবাৰে বিধায়িকা আঙুৰলতা ডেকা পৰিয়ালটোৰ কাষত উপস্থিত হৈ দুখৰ সমভাগী হয়।

বিধায়িকা গৰাকী উপস্থিত হোৱাৰ পাছতে পুত্ৰ শোকত সাত বছৰে কান্দি কান্দি ভাগৰি পৰা মাতৃ গৰাকী হুকহুকাই কান্দি উঠাত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। বিধায়িকা গৰাকীয়ে হেমন্ত শইকীয়াৰ অপহৰণৰ সংক্ৰান্তত শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে আলোচনা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে হেমন্তৰ বৃদ্ধ পিতৃক পেঞ্চন, চৰকাৰী আৱাস যোজনাৰ অধীনত এটা গৃহ আৰু বৰ্তমান আনৰ দোকানত ছেলছমেন হৈ কাম কৰি পৰিয়ালটোক পোহপাল দিয়া ভাতৃ বিকু শইকীয়াইক চৰকাৰী সাহাৰ্য্যৰে এখন দোকান খুলি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

আনহাতে নগাঁও জিলাৰ জুৰীয়াৰ উদিয়মান যুৱক তথা বিশিষ্ট সমাজকৰ্মী ইলিয়াছ ৰহমত উল্লাহৰ নেতৃত্বত এটি সঁজাতি দল শুক্ৰবাৰে উপস্থিত হয়হি ৰাইদঙীয়াৰ অন্তৰ্গত আইভেটিৰ কদমতলস্থিত হেমন্ত শইকীয়াৰ বৃদ্ধ পিতৃ-মাতৃৰ কাষত। হৃদয় বিদাৰক কৰুণ কাহিনী প্ৰতিদিন টাইমত প্ৰচাৰ হোৱাৰ পিছত নিৰুদ্দিষ্ট যুৱকজনৰ উৰুখা পঁজাত শুক্ৰবাৰে উপস্থিত হৈ উদিয়মান যুৱক ইলিয়াছ ৰহমত উল্লাহে সতীৰ্থ তাফাজ্জুল হুছেইন, লুতফুৰ ৰহমান, ছাদ্দাম হুছেইনক লগত লৈ যুৱকজনৰ বৃদ্ধ পিতৃ-মাতৃৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ফুলাম গামোচাৰে সেৱা জনাই কিছু পৰিমাণৰ নগদ ধন সাহাৰ্য হিচাপে প্ৰদান কৰে ৷

তদুপৰি মানৱ দৰদী উদ্যমী যুৱক ইলিয়াছ ৰহমত উল্লাহে পৰবৰ্তী সময়টো সাধ্যানুসাৰে দৰিদ্ৰ পৰিয়ালটোত সহায়-সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আৰক্ষী প্ৰশাসনক সমগ্ৰ বিষয়টো উচিৎ তদন্তৰে শীঘ্ৰে পোহৰলৈ আনিবলৈ দাবী জনাইছে।উল্লেখ্য যে সাত বছৰ পূৰ্বেই এগৰাকী তেজাল অসমীয়া যুৱক অপহৃত হৈ অন্ধকাৰ নমাই অনা পৰিয়ালটোৰ বিষয়ে অসমীয়া প্ৰতিদিনৰ কাকত আৰু ডিজিটেল সংস্কৰণৰ বাতৰি প্ৰকাশ হোৱাৰ পাছত বিধায়িকা আঙুৰলতা ডেকাকে প্ৰমুখ্য কৰি বিভিন্ন জনে আহি সমভাগী হোৱাৰ বাবে পৰিয়টোয়ে যেনে এটা ক্ষীণ আশা দেখা পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in