ডিজিটেল ডেস্কঃপৃথিৱীত জীৱশ্ৰেষ্ঠ মানুহ। আৰু মানুহ জীয়াই থাকিবলৈ প্ৰয়োজন খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ। কিন্তু বৰ্তমানৰ আধুনিক যুগত যেন এই তিনিটাৰ উপৰিও আৰু এবিধ বস্তুৰ প্ৰয়োজন হৈ পৰিছে। সেয়া হৈছে ইন্টাৰনেট। এইটো কেৱল এটা উদাহৰণহে ।
সময়ৰ গতিত মানুহে তথ্য-প্ৰযুক্তিক ইমান আগুৱাই লৈ গৈছে যে, বৰ্তমানৰ যুগত নতুন নতুন গেজেটসমূহৰ প্ৰভাৱ মানুহৰ জীৱনত বাৰুকৈ পৰা পৰিলক্ষিত হৈছে। ম'বাইল, লেপটপ, ইন্টাৰনেটৰ অবিহনে বৰ্তমানৰ পৃথিৱী অচল হৈ পৰিব বুলি ইয়াৰ পৰাই অনুমান কৰিব পাৰি। একেদৰে আমেৰিকাৰ এটি শিশুৰ জীৱনতো এই গেজেটসমূহৰ বিশেষ প্ৰভাৱ পৰা দেখা গ'ল।
সকলোৰে পিতৃ-মাতৃয়ে বিচাৰে যে- তেওঁলোকৰ সন্তানৰ মুখৰ পৰা ওলোৱা প্ৰথম শব্দটো 'মা' হ'ব। বিশ্বৰ যিকোনো দেশতেই সকলো সন্তানে 'মা' শব্দটোৱে প্ৰথম কোৱা পৰিলক্ষিত হয় যদিও, আমেৰিকাৰ এটি দম্পতীৰ ৯ মহীয়া সন্তানৰ ক্ষেত্ৰত পিছে এনে হোৱা দেখা নগ'ল।
দৰাচলতে, আমেৰিকাৰ এনেবেলৰ এটি দম্পতীৰ সন্তানে জীৱনৰ প্ৰথমটো শব্দ 'মা বা দেউতা' কোৱাৰ বিপৰীতে 'এলেক্সা'হে কয়। সন্তানৰ মুখত এলেক্সা নামটো শুনি হতভম্ব হৈ পৰে পিতৃ-মাতৃ। এলেক্সা হৈছে এমেজন ইক' ডিভাইজ। এক আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যম অনুসৰি, শিশুটিয়ে দিনটোৰ প্ৰায়ভাগ সময়ে এলেক্সা ডিভাইজটোৰ সৈতে খেলা-ধূলা কৰিছিল। আৰু দম্পতীহালে সন্তানক ডিভাইজটোৰ সন্মুখত থিয় হৈ 'এলেক্সা' কোৱা পৰিলক্ষিত কৰে।
চাওঁক
ইয়াৰ দ্বাৰাই বুজিব পাৰি যে, বৰ্তমানৰসময়ত আধুনিকতাৰ দিশে কিমান আগবাঢ়িছে মানৱ জাতি। এই শিশুটিয়ে প্ৰথম শব্দটো 'মা'ৰবিপৰীতে 'এলেক্সা' কোৱাত আগন্তুক সময়ত যে মানৱ জাতি আৰু অধিক তথ্য-প্ৰযুক্তিৰ দিশেআগবাঢ়িছে তাৰেই এয়া এক নমুনা।