কৃষ্ণাইৰ পাইকানৰ পৰা অপহৃত যুৱকৰ মেঘালয়ত মৃতদেহ উদ্ধাৰ

কৃষ্ণাইৰ পাইকানৰ পৰা অপহৃত যুৱকৰ মেঘালয়ত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, কৃষ্ণাইঃ যোৱা ২ জানুৱাৰীত গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানৰ পৰা অপহৃত হোৱা বিল্লাল হুছেইন (২১) নামৰ যুৱকজনৰ মৃতদেহ বৃহস্পতিবাৰে মেঘালয়ত উদ্ধাৰ হয়৷ অপহৰণকাৰী সকলে মুক্তিপনৰ বাবদ পৰিয়ালৰ পৰা প্ৰথমে ১০ লাখ টকা ধনদাবী কৰিছিল যদিও পিছত পুনৰ ফোনযোগে ৫ লাখ টকা দাবী কৰিছিল ধন৷ অতি দৰিদ্ৰ পৰিয়াল হোৱা হেতুকে দাবী কৰা ধন দিব নোৱাৰাত যোৱা ১০ জানুৱাৰীৰ পাছত অপহৃত বিল্লালক হত্যা কৰা বুলি জানিবলৈ দিয়ে অপহৰকাৰী দুৰ্বৃত্তই৷

ইফালে আৰক্ষীয়ে দিনে নিশাই একাকাৰ কৰি অপহৃত যুৱক বিল্লালৰ সন্ধানত অভিযান চলাই ১৮ জানুৱাৰীত ৰাহুল থাপা আৰু চেংবাৰ আৰ মাৰাক নামৰ দুই অপহৰণকাৰী যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত দুইগৰাকী অপহৰণকাৰীৰ স্বীকাৰোক্তিৰ ভিক্তিত মেঘালয়ৰ উত্তৰ গাৰো পাহাৰ জিলাৰ আদুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত প্ৰায় ১৫ কিলোমিটাৰ দূৰৈত অৱস্থিত এখন বিশাল পাহাৰত চোকা অস্ত্ৰৰে বিল্লালক হত্যা কৰি নিজৰাৰ পাৰত পেলাই থোৱা বুলি জানিবলৈ দিয়ে ধৃত চেংবাৰ আৰ মাৰাকে৷

স্বীকাৰোক্তিৰ অনুসৰি গোৱালপাৰা আৰক্ষী-কামাণ্ডো বাহিনীৰ এটি বিশাল দলে মেঘালয়ৰ আদুগুৰি আৰক্ষীৰ সহযোগত ২২ জানুৱাৰীত অভিযান চলায় আৰু সেই অভিযান চলোৱাৰ সময়তে সন্ধিয়াৰ সুযোগ গ্ৰহণ কৰি ধৃত চেংবাৰ আৰ মাৰাক নামৰ যুৱকজন পাহাৰৰ পৰা জপিয়াই পলায়ন কৰিবলৈ চেষ্টা চলায় যদিও আৰক্ষীৰ তৎপৰাত পৰিকল্পনা বিফল হয় ধৃত অপহৰণকাৰী চেংবাৰ আৰ মাৰাকৰ৷

ইফালে ধৃত যুৱক দুজন পাহাৰৰ পৰা জপিয়াই পলাবলৈ চেষ্টা চলোৱাত হাতত হেণ্ডকাপ লগোৱা থকাত কৃষ্ণাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টাগুল বড়ো আৰু ইউ বি কনিষ্টবল মহব্বত আলী আনৰ্চী পাহাৰৰ পৰা বাগৰি পৰি আহত হৈছিল৷ এই ঘটনাৰ পাছতে অপহৃত যুৱকজনৰ মৃতদেহ উদ্ধাৰ অভিযান স্থগিত ৰাখিছিল আৰক্ষীয়ে৷

উল্লেখ্য যে, বৃহস্পতিবাৰে দিনৰ ভাগত আৰক্ষীয়ে অভিযান চলোৱা পাহাৰৰ কাষতে থকা আন এটি পাহাৰত ফুলঝাৰু কাটিবলৈ যোৱা স্থানীয় লোকে এজন লোকৰ মৃতদেহ প্ৰত্যক্ষ কৰি আদুগুৰি আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত আদুগুৰি আৰু গোৱালপাৰা আৰক্ষীসহ পৰিয়ালৰ লোক উপস্থিত হৈ গলিত মৃতদেহত পৰিধান কৰা চোলা আৰু কাষত কিছু যাৱতীয় সামগ্ৰী উদ্ধাৰ হোৱাত পাইকানৰ পৰা অপহৃত বিল্লালৰ মৃতদেহ বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে৷

মৃতদেহ উদ্ধাৰ কৰি মেঘালয় আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত শুকুৰবাৰে পুৱা মৃতদেহটো পৰিয়ালৰ লোকক আদুগুৰি আৰক্ষীয়ে চমজাই দিয়ে আৰু বগুৱান বাহবাৰীৰ বাসগৃত লৈ যায় পৰিয়ালৰ লোকে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in