৭ বছৰে বাট চাই আছে বৃদ্ধ পিতৃ-মাতৃয়ে, অনা অসমীয়া ঠিকাদাৰৰ সৈতে কাম কৰিবলৈ গৈ অপহৃত হোৱা এজন অসমীয়া যুৱকৰ কৰুণ কাহিনী…VIDEO

৭ বছৰে বাট চাই আছে বৃদ্ধ পিতৃ-মাতৃয়ে, অনা অসমীয়া ঠিকাদাৰৰ সৈতে কাম কৰিবলৈ গৈ অপহৃত হোৱা এজন অসমীয়া যুৱকৰ কৰুণ কাহিনী…VIDEO


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ চকুত চকুলো আৰু হাতত পুত্ৰৰ ফটো লৈ সাত বছৰে অপেক্ষা কৰি আছে নগাঁও জিলাৰ ৰাইডঙীয়াৰ এহাল দৰিদ্ৰ পিতৃ-মাতৃয়ে। পৰিয়ালটোৰ বাবে এমুঠি অন্ন যোগাৰ কৰিবলৈ ৰাইডঙীয়া আইভেটিৰ কদমতলৰ নিজ গৃহৰ পৰা উলাই গৈছিল হেমন্ত শইকীয়া(জান) নামৰ যুৱকজন। কালক্রমত তথা ২০১০ চনত হেমন্ত শইকীয়াই অসমৰ এজন প্ৰতিষ্ঠিত প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ ৰমেশ আগৰৱালাৰ প্ৰতিষ্ঠানত কামত নিয়োজিত হৈ নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্তব্য পালন কৰি গৈছিল।

ঠিকাদাৰজনৰ অধীনত কেইটামান টকাৰ বিনিময়ত ঘৰৰপৰা আঁতৰত থাকি কামত নিয়োজিত হৈ থকাৰ সময়তে অমানিশা নামি আহিছিল হেমন্ত শইকীয়াৰ লগতে ৰাইদঙীয়াৰ দৰিদ্ৰ পৰিয়ালটোলৈ। ২০১২ চনত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এখন আদৰ্শ চিকিৎসালয়ৰ নিৰ্মাণৰ কামত ৰমেশ আগৰৱালা নিৰ্দেশত হেমন্ত শইকীয়া গৈছিল নগাঁও জিলা আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী বালিজুৰি নামৰ এখন গাৱঁলৈ। সেই সময়তেই ঘটিছিল দুৰ্ভাগ্যজনক ঘটনাটো।

উক্ত নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে ২০১২ চনৰ ১৪ মাৰ্চৰ পুৱা কাৰ্বি উগ্ৰপন্থীয়ে নীৰিহ যুৱক হেমন্ত শইকীয়াক অপহৰণ কৰিছিল। দুৰ্ভগীয়া পিতৃ মাতৃয়ে জনোৱা মতে হেমন্ত শইকীয়াক মুকলি কৰি দিয়াৰ বিনিময়ত ৰমেশ আগৰৱালাক উগ্ৰপন্থী সংগঠনে ১৭ লাখ টকাৰ দাবি কৰি পাচত ১২ লাখ টকাত এৰি দিবলৈ মাান্তি হৈছিল। অপহৰণ পাছদিনা হেমন্ত শইকীয়াই ঘৰলৈ ফোন কৰি কৈছিল– 'তহঁতে চিন্তা নকৰিবি, কে পি এল টিয়ে মোক লৈ আহিছে, মালিকৰ লগত কথা পাতি আছে, কথা বতৰা শেষ হলেই মোক এৰি দিব।" সেয়াই আছিল তেওঁলোকৰ বাবে হেমন্ত শইকীয়াৰ শেষ কন্ঠস্বৰ। আজি সাত বছৰ ধৰি কেতিয়াবা মাজ নিশা, কেতিয়াবা ভাতৰ পাতত বহি থকা অৱস্থাতে বৃদ্ধ পিতৃ মাতৃ আৰু ভাতৃৰ কানত যেন বাজি উঠে সেই কন্ঠস্বৰ।

আজি সাত বছৰ ধৰি দিন নাই ৰাতি নাই, গাড়ীৰ শব্দ শুনিলেই উলাই আহে পিতৃ মাতৃ যেন পদূলিৰ পৰা মাত দিব– "আাই, পিতাই, ভাইটি মই আহিছো তহঁতৰ জান"। তাৰ পাছত ডেৰ মাহলৈকে হেমন্ত শইকীয়াৰ ফোনটো বাজি আছিল আৰু অন্য কন্ঠস্বৰৰ পৰা পৰিয়ালক ধনৰ দাবী জনাইছিল। সুদীৰ্ঘ দুবছৰ ধৰি ৰমেশ আগৰৱালাৰ লগত অতি নিষ্ঠাৰে কাম কৰি অপহৃত হোৱা জান শইকীয়া আইভেটিৰ এই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথ আছিল। অপহৰণ পাছত নগাঁও আৰু কাৰ্বি আংলং আৰক্ষীক অবগত কৰাৰ পাছতো অসম আৰক্ষীৰ দৰে এটা বিয়াগোম বিভাগে হেমন্ত শইকীয়াক আজিকোপতি শুংসূত্ৰ উলিয়াবলৈ ব্যৰ্থ হল।

অপহৰণ পাছত ঠিকাদাৰ ৰমেশ আগৰৱালাই অসমীয়া যুৱক জনক উগ্ৰপন্থীৰ কৱলৰ পৰা মোকলাই আনিম বুলি প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল পৰিয়ালটোক। কিন্তু ৰহস্যজনক ভাবে নিমাত হৈ থাকিল জাতীয় দল সংগঠন আৰু জনপ্ৰতিনিধি। ঠিকাদাৰৰ গোষ্ঠীৰ লগত থকা সু সম্পৰ্কৰ বাবেই জাতীয় সংগঠনৰ বিষয় ববীয়াই সময় নাপালে পৰিয়াটোৰ খৱৰ লবলৈ। আৰ্থিক, মানসিক আৰু সাত বছৰে কান্দি কান্দি ভাগৰি পৰা পৰিয়ালটো বৰ্তমান অসহায় হৈ পৰিছে।

এতিয়াও তেওঁলোকৰ আশা– পুত্ৰ ঘুৰি আহিব বৃদ্ধ অৱস্থাত মাতিব আই পিতাই বুলি। সেই আশাৰে এটিয়াও পুৱা গধুলি ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰি পদূলিৰ নঙলা মুখত ৰৈ বাট চাইছে দুৰ্ভগীয়া পিতৃ মাতৃয়ে। সম্প্ৰতি ৰুগীয়া বৃদ্ধ পিতৃ মাতৃক লৈ সংসাৰ চলাবলৈ গৈ বিপদত পৰিছে অপহৃত জানৰ ভাতৃ। লোকৰ ঘৰত হাজিৰা কৰি, দোকানত ছেলছমেন হৈ যেনে তেনে পৰিয়ালটোৰ পোহপাল দিছে বিকু শইকীয়াই। এই দুৰ্ভগীয়া পৰিয়ালটোৰ দুৰ্দশাৰ কথা জনাৰ পাছত জাতীয় দল সংগঠনৰ লগতে জনপ্ৰতিনিধি আগবাঢ়ি আহি দুখৰ সমভাগী হবলৈ আহ্বান জনাইছে বিভিন্ন জনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in