কিদাম্বী শ্ৰীকান্তৰ ইতিহাসঃ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ…

কিদাম্বী শ্ৰীকান্তৰ ইতিহাসঃ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ…

ডিজিটেল ডেস্কঃ ভাৰতৰ পুৰুষ শ্বাটলাৰ কিদাম্বি শ্ৰীকান্তৰ ইতিহাস। বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২১-ৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে তাৰকা বেডমিণ্টন খেলুৱৈগৰাকী। শনিবাৰে খেলা ছেমি ফাইনেলত কিদাম্বি শ্ৰীকান্তে লক্ষ্য সেনক ১৭-২১, ২১-১৪, ২১-১৭ৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

ছেমি ফাইনেলত এই জয়ৰ লগে লগে শ্ৰীকান্ত এই প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হৈ পৰিল। ২৮ বছৰীয়া শ্ৰীকান্তৰ পূৰ্বে চাইনা নেহৱাল আৰু পি ভি সিন্ধুৱে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ'বলৈ সক্ষম হৈছিল। সেই ফালৰ পৰা শ্ৰীকান্ত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত প্ৰৱেশ কৰা তৃতীয় ভাৰতীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in