খুনচাত অসম ৰাইফলছৰ সংবাদমেলত বিস্ফোৰক তথ্য ফাদিল: এইবাৰ ভাৰতীয় নাগৰিকক অপহৰণ কৰি ম্যানমাৰ লৈ যোৱাৰ পৰিকল্পনা এনএছচিএনৰ…

খুনচাত অসম ৰাইফলছৰ সংবাদমেলত বিস্ফোৰক তথ্য ফাদিল: এইবাৰ ভাৰতীয় নাগৰিকক অপহৰণ কৰি ম্যানমাৰ লৈ যোৱাৰ পৰিকল্পনা এনএছচিএনৰ…

ডিজিটেল সংবাদ, নাহৰকটীয়াঃ সততে উত্তৰ পূৰ্বাঞ্চলত উগ্ৰপন্থা কাৰ্যকলাপেৰে ধনদাবী হত্যা আদি কৰ্মৰে আতংকৰ সৃষ্টি কৰি অহা নগা উগ্ৰপন্থী সংগঠন এন এছ চি এনে এইবাৰ ৰচিছে ভয়ংকৰ চক্ৰবেহু। এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ম্যানমাৰলৈ ভাৰতীয় নাগৰিকক অপহৰণ কৰি নিয়াৰ ভয়ংকৰ পৰিকল্পনা কৰিছে সংগঠনটোৰ কেইবাটাও গোটে। এই পৰিকল্পনাৰ অংশ স্বৰূপেই সংগঠনটোৰ কে ৱাই এ গোটে অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ পৰা দুজনকৈ অৰুণাচলী নাগৰিকক অপহৰণ কৰি ম্যানমাৰ দিশে নিবলৈ লওঁতেই সোমবাৰে অসম ৰাইফলছৰ হাতত নিহত হৈছিল তিনিজনকৈ দুধর্ষ কেডাৰ।

সমগ্ৰ দেশৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই আনিব পৰা এই বিস্ফোৰক তথ্য আগবঢ়াইছে অসম ৰাইফলছৰ তৰফৰ পৰা। উল্লেখযোগ্য যে, সোমবাৰে অৰুণাচলৰ লংডিঙত অসম ৰাইফলছ আৰু উগ্ৰপন্থী গোটৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ সন্দৰ্ভত অৱগত কৰিবলৈ আজি তিৰাপ জিলাৰ খুনচাত অসম ৰাইফলছৰ উদ্যোগত অনুষ্ঠিত হয় এক সাংবাদিক মেল। অসম ৰাইফলছৰ ব্ৰিগেদীয়াৰ বিজয় চাহাৰে সম্বোধন কৰা আৰু লংডিং জিলাৰ আৰক্ষী অধীক্ষক মীনায়েও অংশগ্ৰহণ কৰা এই সাংবাদিক মেলত জানিবলৈ দিয়া মতে এন এছ চি এনৰ কে ৱাই এ গোটে এইবাৰ পৰিকল্পনা কৰিছে ভাৰতীয় নাগৰিকক অপহৰণ কৰি ম্যানমাৰৰ ভূমিলৈ লৈ গৈ পৰৱৰ্তী পৰ্যায়ত পণবন্দী মুক্তিৰ দাবীত মুক্তিপন দাবী কৰাৰ।

এই পৰিকল্পনাৰ অংশ স্বৰূপেই উগ্ৰপন্থী দলটোৱে ১৪ নৱেম্বৰৰ নিশা তিৰাপ জিলাৰ লাহো গাঁৱৰ গাওঁবুঢ়া ৰৱাং লৱাংৰ লগতে অপহৰণ কৰে জিলাখনৰ প্ৰাক্তন এএছএম চংয়াং হাকোনক। নিৰাপত্তা সূত্ৰটোৰ মতে তেওঁলোকে এই দুয়োগৰাকী ব্যক্তিক অপহৰণ কৰি উগ্ৰপন্থী সংগঠনটোৱে ম্যানমাৰ দিশে লৈ যোৱাৰ তথ্য লাভ কৰি অসম ৰাইফলছে অৰুণাচল আৰক্ষীৰ সৈতে যুটীয়া সন্ধান অভিযান আৰম্ভ কৰি খুনচা আৰু ৱাক্রাৰ মাজৰ খগলা গাঁওৰ গভীৰ অৰণ্যৰ মাজেৰে ম্যানমাৰ দিশে গৈ থকা অৱস্থাত অপহৃত লোক দুজনৰ সৈতে উক্ত দলটোৰ ৫ জনীয়া এটা গোটক প্ৰত্যক্ষ কৰে ।

উল্লেখযোগ্য যে, নিৰাপত্তা বাহিনীক প্ৰত্যক্ষ কৰিয়েই উগ্ৰপন্থী দলটোৱে তেওঁলোকক উদ্দেশ্য কৰি গুলি বৰ্ষণ কৰাত আহত হয় এগৰাকী অসম ৰাইফলছৰ জোৱান। প্ৰত্যুত্তৰত অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়েও প্ৰত্যুত্তৰ দিয়াত তীব্ৰ গুলিয়াগুলীৰ অন্তত উগ্ৰপন্থী দলটোৰ তিনিটাকৈ কেডাৰ নিহত হোৱাৰ লগতে আন দুটা কেডাৰে পলায়ন কৰে। আনহাতে নিৰাপত্তা বাহিনীটোয়ে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুয়োগৰাকী অপহৃত লোকক।

আনহাতে উগ্ৰপন্থী দলটোৰ পৰা অত্যাধুনিক অস্ত্ৰ হস্তৰ লগতে কেইবাটাও আপত্তি জনক নথি পত্ৰও উদ্ধাৰ কৰে বুলি এই সংবাদ মেল খনতে জানিবলৈ দিয়ে। মনকৰিবলগীয়া যে সততে অৰুণাচলত এন এছ চি এনৰ কেইবাটাও গোটে ধনদাবী তথা নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে অভিযান চলাই হত্যা কৰাৰ খবৰ আহি থকাৰ মাজতে এইবাৰ এনেদৰে অৰুণাচলি নাগৰিকক অপহৰণ কৰি ম্যানমাৰলৈ নিবলৈ বিচৰা কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়া আৰু আতংকৰ সৃষ্টি কৰিছে সমগ্র অৰুণাচলত। এনে প্ৰেক্ষাপটত যে পুনৰ উত্তৰ পূৰ্বাঞ্চল নিৰাপত্তা ৰক্ষী আৰু উগ্ৰপন্থীৰ তেজেৰে ৰাঙলী হৈ পৰিব তেনে আশংকা বৃদ্ধি হৈ পৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in