খুমটাইত চিপ লৈ থকা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

খুমটাইত চিপ লৈ থকা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, খুমটাইঃ খুমটাইৰ বাদুলিপাৰত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ। মৃতদেহটো যোৰহাটৰ ফেঞ্চিংআলিৰ ৩নং ৱাৰ্ডৰ মদন চৰছিয়া বুলি চিনাক্ত কৰা হৈছে ৷ পুৱা স্থানীয় লোকে চিনাক্ত কৰে মৃতদেহটো ৷ মদন চৰছিয়া তামোল-পানৰ এজন ব্যৱসায়ীৰ লগতে প্ৰদেশ কংগ্ৰেছৰ এজন নেতা বুলি জানিব পৰা গৈছে ৷

ইফালে, এই ঘটনা হত্যা নে আত্মহত্যা বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও, যোৰহাটৰ লোকজনে বাদুলিপাৰত কিয় আত্মহত্যা কৰিব বুলিও প্ৰশ্ন উত্থাপন একাংশৰ। আনহাতে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় আৰু সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত হ'ব বুলি মৃত যুৱকজনৰ পৰিয়ালক আশ্বাস দিয়ে ৷ অৱশ্যে এই ঘটনাৰ প্ৰকৃত ৰহস্য আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in