খীতেশ্বৰ চহৰীয়া সোঁৱৰণি ফুটবল প্ৰতিযোগিতাত অসম আৰক্ষীৰ এপিআৰঅ’ দল বিজয়ী, দ্বিতীয় শ্ৰেষ্ঠ মধ্যপ্ৰদেশ এফচি…

খীতেশ্বৰ চহৰীয়া সোঁৱৰণি ফুটবল প্ৰতিযোগিতাত অসম আৰক্ষীৰ এপিআৰঅ’ দল বিজয়ী, দ্বিতীয় শ্ৰেষ্ঠ  মধ্যপ্ৰদেশ এফচি…

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত খীতেশ্বৰ চহৰীয়া সোঁৱৰণি ট্ৰফী ও প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন সফলতাৰে সম্পন্ন হয়। মনিটাৰী মহামিলন সংঘৰ সৌজন্যত দৰঙৰ মঙলদৈত যোৱা ২৫ ছেপ্তেম্বৰৰ পৰা ২৮ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হোৱা ২৯ সংখ্যক খেলখনৰ বিজয়ীৰ খিতাপ দখল কৰে অসম আৰক্ষীৰ এ পি আৰ অ' গুৱাহাটী দলে।

একেদৰে দ্বিতীয় শ্ৰেষ্ঠ বিজয়ীৰ সন্মান লাভ কৰে মধ্যপ্ৰদেশ এফ চি দলে। উল্লেখ্য যে, ১৯৯৮ চনৰ পৰা মনিটাৰী মহামিলন সংঘৰ উদ্যোগত আৰু যুৱ ক্ৰীড়া সংগঠক পৰেশ ডেকা, মহেশ হাজৰিকা, ক্ৰীড়া সংগঠক তথা সমাজকৰ্মী প্ৰতাপ বৰদলৈকে ধৰি স্থানীয় ৰাইজৰ সহযোগত তপেশ্বৰ ডেকা সোঁৱৰণি ফুটবল প্ৰতিযোগিতাখনি ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হৈছিল। ২০১৯ চনৰ পৰা সৰ্বভাৰতীয় পৰ্যায়লৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হয়। তাৰ পিছৰে পৰা খীতেশ্বৰ চহৰীয়া সোঁৱৰণত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হৈ আহিছে প্ৰতিযোগিতাখন।

প্ৰতিযোগিতাখনত অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ, মধ্যপ্ৰেদেশ, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানকে ধৰি বিভিন্ন প্ৰান্তৰ ২০ টা দলে অংশগ্ৰহণ কৰে। ২৮ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ এ পি আৰ অ' দল আৰু মধ্যপ্ৰদেশ এফ চি দলৰ মাজত চূড়ান্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাত অসম আৰক্ষীৰ এ পি আৰ অ' দলে ৩-২ গলৰ ব্যৱধানত মধ্যপ্ৰদেশ এফ চি দলক পৰাস্ত কৰে। বিজয়ী দলক প্ৰয়াত খীতেশ্বৰ চহৰীয়া সোঁৱৰণি ট্ৰফী আৰু নগদ ধন প্ৰদান কৰে পুত্ৰ দিব্যজ্যোতি চহৰীয়াই। ৰানাৰ্চ আপ সন্মান লাভ কৰা দলক ট্ৰফী আৰু নগদ ধন প্ৰদান কৰে ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ উপ সচিব পংকজ চক্ৰৱৰ্তীয়ে। ইফালে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে এ পি আৰ অ' দলৰ ৰিতুমনি দাসে। 'মেন অৱ দ্য চিৰিজ'ৰ সন্মান লাভ কৰে মধ্যপ্ৰদেশ দলৰ ফ্ৰুতমনে।

শ্ৰেষ্ঠ গোলকিপাৰ সন্মান লাভ কৰে এ পি আৰ অ' দলৰ বিশাল বড়োৱে। ইয়াৰ পূৰ্বে বিশিষ্ট ব্যক্তিসকলৰ সম্বৰ্ধনা আৰু চিনাকী পৰ্ব অনুষ্ঠিত হয়। এই অনুষ্ঠানত স্থানীয় বিধায়ক গুৰুজ্যোতি দাস, গড়কাপ্তানি বিভাগৰ সচিব দিব্যজ্যোতি চহৰীয়া, প্ৰয়াত চহৰীয়াৰ পত্নী সৰুজনী চহৰীয়াকে আদি কৰি বহু লোক উপস্থিত থাকে। ফুটবল প্ৰতিযোগিতাখন পৰিচালনা কৰে ওৱাহিদুৰ আহমেদ, আব্দুল হান্নান, পৰেশ ডেকা, মহেশ হাজৰিকা আৰু গোলক ডেকাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in