খেল’ ইণ্ডিয়া-২০২০ঃ পদকৰ তালিকাত শীৰ্ষত মহাৰাষ্ট্ৰ, দশম স্থানত অসম…

খেল’ ইণ্ডিয়া-২০২০ঃ পদকৰ তালিকাত শীৰ্ষত মহাৰাষ্ট্ৰ, দশম স্থানত অসম…

ডিজিটেল ডেস্কঃ ১০ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা খেল' ইণ্ডিয়া য়ুথ গেমছ-২০২০ত জিলিকি উঠিছে অসমৰ খেলুৱৈসকল। ৩৭খনকৈ ৰাজ্যই অংশ গ্ৰহণ কৰা খেল' ইণ্ডিয়াত পদক অৰ্জন কৰা তালিকাৰ প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ। ৪২টা সোণ, ৪৩টা ৰূপ, ৬৬টা ব্ৰঞ্জৰ মেডেলসহ মহাৰাষ্ট্ৰৰ খেলুৱৈসকলে এই খেলখনত শনিবাৰৰ দিনৰ ১ বজালৈ মুঠ ১৫১টা পদক অৰ্জনেৰে এই তালিকাৰ প্ৰথম স্থান লাভ কৰিছে।

ঠিক একেদৰে খেল' ইণ্ডিয়া য়ুথ গেমছ ২০২০ৰ পদকৰ তালিকাত ক্ৰমে দ্বিতীয় স্থানত হাৰিয়ানা, তৃতীয়স্থানত দিল্লী, চতুৰ্থ স্থানত উত্তৰপ্ৰদেশ, পঞ্চম স্থানত কেৰালা, ষষ্ঠ স্থানত গুজৰাট, সপ্তম স্থান কৰ্ণাটক, অষ্টম স্থানত মধ্যপ্ৰদেশ আৰু নৱম স্থানত আছে তামিল নাডু।

ইয়াৰ পাছতেই অৰ্থাৎ দশম স্থানত আছে অসম। অসমে মুঠ ৯টা সোণৰ পদক, ১০টা ৰূপৰ পদক আৰু ১৩টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে সমগ্ৰ অসমবাসী গৌৰাৱান্বিত। বৰ্তমানলৈ মুঠ ৩২টা পদক অৰ্জন কৰি দশম স্থানত আছে অসম। লক্ষণীয় যে, এই তালিকাত এটাও পদক অৰ্জন নকৰা লেহ লাডাখ আছে অন্তিম অৰ্থাৎ ৩৭ নং স্থানত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in