খেল’ ইণ্ডিয়া-২০২০ঃ পদকৰ তালিকাত শীৰ্ষত মহাৰাষ্ট্ৰ, সপ্তম স্থানত অসম…

খেল’ ইণ্ডিয়া-২০২০ঃ পদকৰ তালিকাত শীৰ্ষত মহাৰাষ্ট্ৰ, সপ্তম স্থানত অসম…

ডিজিটেল ডেস্কঃ ১০ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা খেল' ইণ্ডিয়া য়ুথ গেমছ-২০২০ত জিলিকি উঠিছে অসমৰ খেলুৱৈসকল। ৩৭খনকৈ ৰাজ্যই অংশ গ্ৰহণ কৰা খেল' ইণ্ডিয়াত পদক অৰ্জন কৰা তালিকাৰ প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ। ৬০টা সোণ, ৫৭টা ৰূপ, ৭৬টা ব্ৰঞ্জৰ মেডেলসহ মহাৰাষ্ট্ৰৰ খেলুৱৈসকলে এই খেলখনত দেওবাৰৰ নিশা ৮ বজালৈ মুঠ ১৯৩ টা পদক অৰ্জনেৰে এই তালিকাৰ প্ৰথম স্থান লাভ কৰিছে।

ঠিক একেদৰে খেল' ইণ্ডিয়া য়ুথ গেমছ ২০২০ৰ পদকৰ তালিকাত ক্ৰমে দ্বিতীয় স্থানত হাৰিয়ানা, তৃতীয়স্থানত দিল্লী, চতুৰ্থ স্থানত উত্তৰপ্ৰদেশ, পঞ্চম স্থানত কৰ্ণাটক, ষষ্ঠ স্থানত তামিলনাডু , সপ্তম স্থানত আছে অসম, অষ্টম স্থানত গুজৰাট , নৱম স্থানত আছে কেৰালা আৰু দশম স্থানত আছে পঞ্জাৱ।

উল্লেখ্য যে, শনিবাৰৰ দিনৰভাগৰ লৈকে পদকৰ তালিকাত দশম স্থানত থকা অসম দেওবাৰে সপ্তম স্থান দখল কৰিছে। দেওবাৰে নিশা ৮ বজালৈকে অসমে মুঠ ১৩ টা সোণৰ পদক, ১৩টা ৰূপৰ পদক আৰু ১৫টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈ মুঠ ৪১টা পদক অৰ্জন কৰি সপ্তম স্থানত আছে অসম।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in