খেল’ ইণ্ডিয়াৰ বিভিন্ন ইভেন্টত মঙলবাৰেও অসমৰ খেলুৱৈয়ে লাভ কৰিলে দুটাকৈ ৰূপ, ৩টা ব্ৰঞ্জৰ পদক…

খেল’ ইণ্ডিয়াৰ বিভিন্ন ইভেন্টত মঙলবাৰেও অসমৰ খেলুৱৈয়ে লাভ কৰিলে দুটাকৈ ৰূপ, ৩টা ব্ৰঞ্জৰ পদক…

ডিজিটেল ডেস্কঃ উত্তাপহীন পৰিৱেশত মঙলবাৰেও চলি আছে খেল' ইণ্ডিয়াৰ বিভিন্ন ইভেন্টৰ খেল। নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰতিবাদমুখৰ হৈ পৰা ৰাজ্যত খেলক লৈ দৰ্শকৰ উৎসাহ নাই যদিও, তাৰ মাজতেই মঙলবাৰেও অসমৰ ৫গৰাকীকৈ খেলুৱৈয়ে বিভিন্ন ইভেন্টত দুটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক আহৰণেৰে সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হয়।

১৭ বছৰ অনুৰ্ধৰ ল'ৰা শাখাৰ ২০০ মিটাৰ দৌৰত অক্ষয় বড়ো আৰু মানৱজ্যোতি টেৰণে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ত্ৰিপল জাম্পত ঝংখাৰ বড়ো আৰু ২১ বছৰ অনুৰ্ধৰ চাইক্লিঙত চয়ানিকা গগৈ আৰু গংগোত্ৰী বৰদলৈয়ে ব্ৰঞ্জৰ পদক আহৰণ কৰে।

মঙলবাৰৰ এই ৫টা পদককে ধৰি মুঠ ৯টা পদক আহৰণ কৰা অসমৰ খেলুৱৈসকলৰ ভিতৰত ৩টা সোণ, দুটা ৰূপ, আৰু ৪টা ব্ৰঞ্জৰ পদক আছে। ইফালে, মঙলবাৰে খেল' ইণ্ডিয়াৰ অনুষ্ঠানত অংশ ল'বলৈ অহা কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে গুৱাহাটীত অনুষ্ঠিত খেল ইণ্ডিয়াৰ এইবাৰৰ অনুষ্ঠান সবাতোকৈ আকৰ্ষণীয় হোৱা বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে যদিও, অতি উৎসাহজনক খেলখনত দৰ্শকৰ উপস্থিতি নগণ্য হোৱাৰ বাবে আক্ষেপো প্ৰকাশ কৰে। তেওঁ খেলুৱৈসকলক উৎসাহিত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। উল্লেখ্য যে, বলিউডৰ অভিনেতা সুনীল ছেট্টীয়েও মঙলবাৰে খেল' ইণ্ডিয়াৰ বিভিন্ন অনুষ্ঠান উপভোগ কৰে।

বিদ্যুতৰ লুকা-ভাকুৱে মঙলবাৰে বাৰুকৈয়ে সমস্যাত পেলাই খেল' ইণ্ডিয়াৰ উদ্যোক্তা আৰু খেলুৱৈসকলক। ৰাজ্যৰ বিদ্যুৎ বিভাগৰ দায়িত্বহীনতাৰ বাবেই নেহৰু ষ্টেডিয়াম সন্ধিয়াৰে পৰা এঘণ্টাৰ বাবে সম্পূৰ্ণ অন্ধকাৰত ডুব যায়। ফলত সেই এঘণ্টাৰ বাবে বিভিন্ন ইভেন্টৰ খেল ষ্টেডিয়ামখনত বন্ধ ৰাখিব লগাত পৰে। এনে ঘটনাই বিভিন্ন ৰাজ্যৰ পৰা অহা খেলুৱৈসকলৰ সন্মুখত অসমক বাৰুকৈয়ে লজ্জানত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in