বিশ্বৰ প্ৰথমখন ‘ফাষ্ট ফুড এটলাছ’ত স্থান লাভ খাছী সুমথিৰাৰ

বিশ্বৰ প্ৰথমখন ‘ফাষ্ট ফুড এটলাছ’ত স্থান লাভ খাছী সুমথিৰাৰ

ডিজিটেল সংবাদ, শ্বিলংঃ বিশ্বৰ ফাষ্ট ফুড এটলাছত স্থান লাভ কৰিছে মেঘালয়ৰ গৌৰৱ সুমথিৰাই। ৰসেৰে ভৰপূৰ খাছী মাণ্ডাৰিন জাতৰ কমলা টেঙাবিধ বিশ্বৰ প্ৰথমখন ফাষ্ট ফুড এটলাছত স্থান লাভ কৰিবলৈ সমৰ্থ হোৱাত উৎফুল্লিত হৈ পৰিছে এই খেতিৰে জড়িত ৰাজ্যখনৰ কৃষকসকল।

অলপতে মুকলি কৰা বিশ্বৰ প্ৰথম ফাষ্ট ফুড এটলাছৰ অফিচিয়েল ৱেবছাইট www.tasteatlas.comত ভাৰতৰ ১৭৫ বিধ ফুড আইটেমৰ ভিতৰত খাছী সুমথিৰাক অন্তৰ্ভূক্ত কৰা হৈছে।

থলুৱা সংস্কৃতি আৰু খাদ্যভ্যাসৰ সৈতে বিশ্বৰ পৰ্যটকসকলক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেৰে সমগ্ৰ বিশ্বকে সামৰি এই এটলাছৰ পৰিকল্পনা কৰা হৈছে। এই এটলাছত ১০ হাজাৰৰো অধিক জনগোষ্ঠীয় খাদ্য সম্ভাৰ, পানীয় তথা বিশেষ সুস্বাদু খাদ্যক স্থান দিয়া হৈছে।

ভাৰতৰ পৰা অন্তৰ্ভূক্ত হোৱা জনপ্ৰিয় খাদ্য সম্ভাৰসমূহৰ ভিতৰত আছে ইদলী, চোলে ভতুৰে, হায়দৰাবাদী বিৰিয়ানী, পাও ভাজি, কচুৰী, ক্ষীৰ, পানীপুৰি, গোলাপজামুন, মছলা ডোছা, বাটাৰ চিকেন আদি।

উল্লেখ্য যে, খাছী সুমথিৰাই হৈছে এই এটলাছত অন্তৰ্ভূক্ত হোৱা উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ একমাত্ৰ খাদ্য সম্ভাৰ। অৱশ্যে এটলাছত অন্তৰ্ভূক্ত হ'লেও মেঘালয়ৰ লগতে উত্তৰ-পূবৰ কোনো এখন ৰাজ্যৰ ৰেষ্টুৰেণ্টতে ফাষ্ট ফুড হিচাপে বিক্ৰী কৰা নহয় সুমথিৰা। অঞ্চলটোত প্ৰচুৰ চাহিদা থকা এই সুমথিৰা ফল-মূলৰ দোকানতহে পোৱা যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in