জামুগুৰি হাটৰ সৰবৰহী মহিলা খৰ্গেশ্বৰী মহন্তৰ বিয়োগ..

জামুগুৰি হাটৰ সৰবৰহী মহিলা খৰ্গেশ্বৰী মহন্তৰ বিয়োগ..

ডিজেটেল সংবাদ জামুগুৰিঃ শোণিতপুৰ জিলাৰ জামুগুৰি হাটস্থিত ওপৰ টলকাবাৰীৰ ৰান্ধনি বৰলেঙি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ থুলেশ্বৰ মহন্তৰ পত্নী খৰ্গেশ্বৰী মহন্তৰ মঙ্গলবাৰে বিয়লি ৩-০৫ মিনিটত মৃত্যু হয়। সৰবৰহী মহিলাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৫ বছৰ।

দুদিনমান পূৰ্বে শ্বাস, প্ৰশ্বাস জনিত অসুবিধাত ভূগা শ্ৰীযুতা মহন্তক পৰৱৰ্তী সময়ত তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তীসময়ত স্বাস্থ্যৰ অধিক অৱনতী ঘটাত দেওবাৰে নিশা তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হয় যদিও মঙ্গলবাৰে বিয়লি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ পিচত ক'ভিড সংক্ৰান্তিয় পৰীক্ষা সম্পন্ন কৰাৰ অন্তত মঙ্গলবাৰে সন্ধিয়া পৰিয়ালৰ লোকক মৃত দেহ চমজাই দিয়া হয়। পিচত তেওঁক জামুগুৰিহাটৰ ওপৰ টলকাবাৰীৰ বাসভৱনলৈ নিয়া হয় যদিও ৰাজ্যৰ বিভিন্ন স্থানত থকা ৭ জনকৈ পুত্ৰ, ২ গৰাকী জীয়ৰী আৰু নাতি-নাতিনী উপস্থিতিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে পুৱাৰ ভাগত হে খৰ্গেশ্বৰী মহন্তৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in