মহানগৰীত ‘বিশ্ব শ্বেত ৰোগ’ দিৱস উদযাপন…

মহানগৰীত ‘বিশ্ব শ্বেত ৰোগ’ দিৱস উদযাপন…

ডিজিটেল ডেস্কঃ আজি বিশ্ব শ্বেত ৰোগ দিৱস ( world vitiligo day)। শৰীৰৰ কোনো বিশেষ স্থানত বগা পৰি যোৱা এই ৰোগত আক্ৰান্ত লোক সকলক সচেতন কৰিবৰ বাবেই বিশ্বজুৰি উদযাপ কৰা হয় এই দিৱস।

গুৱাহাটী খানাপাৰাস্থিত ই এছ আই চিকিৎসালয়ত এই দিৱস উদযাপন কৰে উত্তৰ পূৰ্বৰ চৰ্মৰোগ চিকিৎসক সকলে। এই উপলক্ষে এক সজাগতা যাত্ৰা বাহিৰ কৰে চিকিৎসক সকলে। এই সজাগতা যাত্ৰাত উত্তৰ পূবৰ বিশিষ্ট চৰ্মৰোগ চিকিৎসক খগেন বৰুৱা, জ্যোতি নাথেও অংশ লয়।

উল্লেখ্য যে, বিশ্বৰ ১ শতাংশ লোক এই ৰোগত আক্ৰান্ত হয়। চালৰ ডিপিগমেনটেশ্যনৰ বাবেই এই ৰোগ হয়। কিন্তু এই ৰোগক লৈ সজাগতা নাই বহুলোকৰ মাজত। অসম তথা উত্তৰ পূবতো শ্বেত ৰোগত আক্ৰান্ত হোৱা যথেষ্ট লোক আছে।

এই ৰোগৰ উপ সৰ্গই দেখা দিয়াৰ পাছতো বহু ৰোগীয়ে চিকিৎসক কাষ নচপাৰ বাবেই সমগ্ৰ দেহত এই ৰোগ বিস্তাৰিত হৈ পৰে। শ্বেত ৰোগৰ সজাগতাৰ বাবে বিয়লি লৈ এক আলোচনা চক্ৰয়ো আয়োজন কৰিছে উত্তৰ পূব চৰ্মৰোগ চিকিৎসক সন্থাই । সাধাৰণতে মুখ, ডিঙি, হাত আদি এই ৰোগত আক্ৰান্ত হয়।

আমাৰ চালত থকা এম ই এল এন আই এন পিকমেন্টৰ অভাৱৰ বাবেই এই ৰোগ হয়। প্ৰতিবছৰে ২৫ জুন তাৰিখত বিশ্ব শ্বেতৰোগ দিৱস হিচাপে পালন কৰা হয়। এইবাৰ এই দিৱস উদযাপনৰ মুল লক্ষ্য হ'ল 'দ্য কোৱালিটি অৱ লাইফ, অৱ এ ভিটিলি'গ পেচেন্ট।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in