বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীৰ সহধৰ্মিনীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ, হাগ্ৰামা মহিলাৰীৰ শোক প্ৰকাশ, VIDEO

বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীৰ সহধৰ্মিনীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ, হাগ্ৰামা মহিলাৰীৰ শোক প্ৰকাশ, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচিৰ উপমূখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীৰ পত্নী ৰশ্মি বৰগয়াৰীৰ(৪৭) মঙলবাৰে দেহাৱসান ঘটে। দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত ভুগি থকা ৰশ্মি বৰগয়াৰীয়ে মঙলবাৰে চিকিৎসাধীন অৱস্থাতে গুৱাহাটীৰ এখন নাৰ্ছিংহোমত শেষ নিশ্বাস ত্যাগ কৰে। সৰৱৰাহী মহিলা হিচাপে পৰিচিত ৰশ্মি বৰগয়াৰীৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগেই অজস্ৰ গুণমুগ্ধই তেওঁলোকৰ বাসভৱনত শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰে।

উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ পাটগাঁও হাব্ৰুবাৰী নিবাসী দধীৰাম বসুমতাৰী আৰু ওৱাশ্ৰী বসুমতাৰীৰ কন্যা ৰশ্মি বৰগয়াৰীয়ে ২০০১ চনৰ ২ ফেব্ৰুৱাৰীত খাম্ফা বৰগয়াৰীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল৷ কোকৰাঝাৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়তো ৰশ্মি বৰগয়াৰীয়ে কিছুদিন শিক্ষকতা কৰিছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে পিছলৈ শিক্ষকতা এৰি দি আন সামাজিক কামত ব্যস্ত হৈ পৰে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত ভুগি থকা ৰশ্মিয়ে যোৱা ৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ এখন নাৰ্ছিং হোমত ভৰ্তি হৈছিল যদিও মঙলবাৰে নিয়তিৰ ওচৰত হাৰ মানি ৰাতিপুৱা ৫-৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ পূৰ্বে ৰশ্মি বৰগয়াৰীয়ে তেওঁৰ স্বামী খাম্পা বৰগয়াৰী, এজন ল'ৰা (১৩) আৰু এজনী ছোৱালী(১১), পিতৃ-মাতৃ আৰু বহু আত্মীয়-স্বজ্জন, শুভাকাংক্ষীক ইহজগতত এৰি থৈ যায়৷ প্ৰণিধানযোগ্য যে, কোকৰাঝাৰৰ নিজা বাসগৃহত মৃতদেহ আহি পোৱাৰ পিছতে বিভিন্ন দল, সংগঠন আৰু অগণন গুনমুগ্ধই ৰশ্মি বৰগয়াৰীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

জিলা উপায়ুক্ত পাৰ্থপ্ৰতিম মজুমদাৰ, আৰক্ষী অধীক্ষক ৰাকেশ ৰোশন, আই জি পি অনুৰাগ আগৰৱালা, বিটিচিৰ শিক্ষা সঞ্চালক ৰবি শংকৰ বৰগয়াৰী, শিক্ষা বিভাগৰ বহু বিষয়া, বিটিএডি সচিবালয়ৰ বিষয়া কৰ্মচাৰীবৃন্দ, কেইবাগৰাকী কাৰ্যবাহী সদস্য, কোকৰাঝাৰ ব্যৱসায়ী সন্থা, বিপিএফৰ বহু সংখ্যক নেতা-কৰ্মী, প্ৰাক্তন সাংসদ চানচুমা খুংগুৰ বৈছমুথিয়াৰী আদিকে ধৰি বহুতেই শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৰশ্মি বৰগয়াৰীৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে। উল্লেখ্য যে, পুষ্পসজ্জিত বাহনেৰে পিছলৈ কোকৰাঝাৰৰ পৰা খাম্ফা বৰগয়াৰীৰ নিজা গাওঁ চিৰাং জিলাৰ ৰুণীখাটাৰ বাশবাৰীত অগণন ৰাইজৰ উপস্থিতিত ৰশ্মি বৰগয়াৰীৰ শেষকৃত সম্পন্ন কৰা হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in