ডিজিটেল ডেস্কঃ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ পুত্ৰৰ ঠিকনা হ'ব কাৰাগাৰ৷ ২০০৪ চনত সংঘটিত গ্ৰেণেড আক্ৰমণৰ এক গোচৰত অভিযুক্ত হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পুত্ৰ৷
দীৰ্ঘদিনৰ আইনী প্ৰক্ৰিয়াৰ পাছত খালেদা পুত্ৰ তাৰিকক দোষী সাব্যস্ত কৰে দেশখনৰ আদালতে৷ এই গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে৷ বাংলাদেশৰ সংবাদ মাধ্যমে সদৰী কৰিছে এই বাতৰি৷