আজি ‘বিহু সম্ৰাট’ৰ ওপজা দিন

আজি ‘বিহু সম্ৰাট’ৰ ওপজা দিন

ডিজিটেল ডেস্কঃ অসমৰ সংগীত জগতৰ ভোটাতৰা তথা বিহু সম্ৰাট খগেন মহন্তৰ আজি জন্মদিন। বহুকেইটা কালজয়ী অসমীয়া গীতৰ স্ৰষ্টা খগেন মহন্ত ১৯৪২ চনৰ ১৭ আগষ্টৰ দিনা নগাঁও জিলাৰ বগৰিগুৰিত জন্মগ্ৰহন কৰিছিল। বিহু সম্ৰাটগৰাকীৰ পিতৃৰ নাম হৰেন্দ্ৰ নাথ মহন্ত আৰু মাতৃৰ নাম লক্ষ্মীপ্ৰিয়া দেৱী।

স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতেই সংগীত সাধনাত ব্ৰতী হোৱা মহন্তই বিহুগীতক জনপ্ৰিয় কৰাত বিশেষ ভূমিকা লৈছিল। ১৯৬৫ চনৰ পৰা আকাশবাণী কেন্দ্ৰৰ নিয়মীয়া শিল্পী আছিল তেওঁ।

১৯৭৬চনত খগেন মহন্তই যোগদান কৰিছিল আকাশবাণীত। তেওঁ প্ৰথম কম্প'জাৰ হিচাপে চাকৰিত যোগদান কৰিছিল। আকাশবাণী কেন্দ্ৰৰ পৰা উপসঞ্চালক হিচাপে  ২০০১ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল মহন্তই।

১৯৬৫চনত শিল্পী অৰ্চনা মহন্তৰ সৈতে খগেন মহন্ত বিবাহপাশত আৱদ্ধ। তাৰ পিছত সুদীৰ্ঘ সময় ধৰি দুয়ো একেলগে গীত পৰিবেশন কৰি শ্ৰোতাৰ হৃদয় জিনিছিল। খগেন মহন্তৰ পুত্ৰ অংগৰাগ পাপন মহন্ত বৰ্তমান  অসম তথা বলিউডৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠ শিল্পী।

খগেন মহন্তৰ গীতসমূহত লোকজীৱন প্ৰতিফলিত হোৱাৰ লগতে গ্ৰাম্যজীৱনবোধ পৰিস্ফূত হয়। তেওঁৰ বিখ্যাত গানবোৰৰ ভিতৰত কাউৰী পৰে, মা আমি শদিয়ালৈ যামেই, পাৰৰ পাখিত গুজি দিলো ফুলাম চিঠি খনি, পাহাৰৰ জুৰিটি পিৰিটি সাৱটি ইত্যাদি। এই কালজয়ী গীতবোৰ আজিও চিৰসেউজ।

বিষ্ণ ৰাভাই ৰচনা কৰা অন্তিমটো গীত  'এয়ে মোৰ শেষ গান' সুৰ আৰু কণ্ঠৰে সজাই তুলিছিল খগেন মহন্তই।এইগৰাকী শিল্পীয়ে ২০১৪চনৰ ১২জুনত ইহঃলীলা সম্বৰণ কৰে। ১৯৯২চনত খগেন মহন্তই লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in