৯১ বছৰ বয়সত খদবৰ ডেকাৰ মৃত্যু, পশ্চিম দৰঙত শোকৰ ছাঁ

৯১ বছৰ বয়সত খদবৰ ডেকাৰ মৃত্যু, পশ্চিম দৰঙত শোকৰ ছাঁ

ডিজিটেল সংবাদ মঙলদৈঃ দৰঙৰ খটৰা সত্ৰৰ এগৰাকী একান্ত সেৱক, শংকৰী সংস্কৃতি (নামাচাৰ্য আৰু পাঠক), দৰঙী কলাকৃষ্টিৰ সাধক, নাগাৰা নামৰ সুদক্ষ পাঠক, খটৰা গাঁৱৰ সৰবৰহী ধৰ্মপ্ৰাণ ব্যক্তি খদবৰ ডেকা সোমবাৰে সন্ধিয়া ৮ঃ২৫ বজাত ৯১ বছৰ বয়সত বৈকুণ্ঠগামী হয় ।

সত্ৰৰ মহান সেৱক গৰাকীৰ প্ৰয়াণত খটৰা সত্ৰ পৰিচালনা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । ডেকাৰ মৃত্যুত খটৰা সত্ৰ পৰিচালনা সমিতি, গোবিন্দ আতা মধ্য ইংৰাজী বিদ্যালয়ৰ, খটৰা সত্ৰ স্নাতক মহাবিদ্যালয়, নান্দনিক সাহিত্য চৰা,কেউলীয়াহাতী সাকোস্মৃতি আদৰ্শ নাম ঘৰ, নগাঁও ননৈঘাট সাপ্তাহিক বজাৰ সমিতি আদি পশ্চিম দৰঙৰ বহু অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in