জাবেদ ইছলাম আজমলৰ লগত পৰাস্ত হ’লে দায়ী হ’ব মুছলমান, হিন্দু নহয়ঃ কেশৱ মহন্ত

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ জাবেদ ইছলাম আজমলৰ লগত পৰাস্ত হ'লে তাৰ বাবে দায়ী হ'ব মুছলমান। হিন্দু নহয়, কাৰণ ধুবুৰীৰ ৯০ শতাংশ হিন্দু মানুহে জাবেদ ইছলামক ভোট দিব। দেওবাৰে মানকাচৰৰ এক নিৰ্বাচনী সভাত মন্ত্ৰী কেশৱ মহন্তই এই দাবী কৰাৰ পিছতে ধুবুৰীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

উল্লেখ্য যে, দেওবাৰে দূপৰীয়া প্ৰায় ১ বজাত ধুবুৰী লোকসভা সমষ্টিৰ অগপৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসম চৰকাৰৰ অগপৰ মন্ত্ৰী কেশৱ মহন্ত, চুবুৰীয়া ৰাজ্য মেঘালয় এন পি পি চৰকাৰৰ গৃহ বিভাগৰ মন্ত্ৰী জেমছ পি কে চাংমা আহি উপস্থিত হয় মানকাচৰত। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দেওবাৰে অন্তিম দিনা মানকাচৰ সমষ্টিৰ মানকাচৰ জে এম উচ্চতৰ মাধ্যমিক খেলপথাৰত বিশিষ্ট সমাজ সেৱক বক্ত জামানৰ সভাপতিত্বত অনুষ্ঠিত হয় অগপ বিজেপি বিপিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ নিৰ্বাচনী সভা।

কেবা সহস্ৰাধিক লোকৰ উপস্থিতিত এই বিশাল নিৰ্বাচনী সভাখনত জাবেদ ইছলামৰ বিৰুদ্ধে আজমল বাহিৰা প্ৰাৰ্থী বুলি সমালোচনা কৰাৰ লগতে আজমলে মেট্ৰিক পাছ কৰা নাই বুলিও সমালোচনা কৰে কেশৱ মহন্তই। ইফালে মেঘালয়ৰ গৃহ মন্ত্ৰী জেমছত পি কে চাংমাই কয় যে, অসম-মেঘালয়ৰ মাজত এটা সু-সম্পৰ্ক আছে। অসমৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে মেঘালয়লৈ তেওঁলোকৰ উত্পাদিত সামগ্ৰী সমূহ ৰপ্তানি কৰে। আৰু মেঘলায়ৰ ৰাইজে উক্ত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা কেচা সামগ্ৰী ক্ৰয় কৰে। দুয়োখন ৰাজ্যৰ ৰাইজ এনে কেচা সামগ্ৰীৰ দ্বাৰা উপকৃত হৈ আহিছে। কিন্তু দূৰ্ভাগ্যবশত মেঘালয়ত একাংশ গাৰো উগ্ৰপন্থীয়ে অসমৰ ব্যৱসায়ীক অপহৰণ কৰি অহাৰ ফলত অসমৰ ব্যৱসায়ী সকল মেঘালয়ত নিৰ্যাতিত হৈ আহিছে। এনে সকলো সমস্যা সমাধাণ কৰাৰ বাবে এন পি পি চৰকাৰে সকলো ব্যৱস্থা হাতত লব বুলি আশ্বাস দি মানকাচৰৰ ৰাইজৰ পৰা জাবেদ ইছলামৰ হৈ মিত্ৰজোঁট প্ৰাৰ্থী অগপক ভোট দিবলৈ আহ্বান জনায়।

আনহাতে সভাখনত মন্ত্ৰী কেশৱ মহন্তৰ দাবী এইবাৰ নিৰ্বাচনত যদি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম কিবা কাৰণত আজমলৰ হাতত পৰাস্ত হয় তাৰ বাবে একমাত্ৰ দায়ী হ'ব ধুবুৰীৰ মুছলমান সকল। মহন্তই লগতে আৰু কয় ধুবুৰীৰ হিন্দু সকলৰ প্ৰায় ৯০ শতাংশ লোকেই জাবেদ ইছলামক ভোট দিব। গতিকে জাবেদ ইছলামক ভোট নিদিলে আপোনালোকে ভূল কৰিব বুলি দাবী কৰি জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

মন কৰিবলগীয়া যে, প্ৰায় চাৰি দিন পূৰ্বে এই খন সভাস্থলীত এআইইউডিএফৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি কৈছিল জাবেদ ইছলামক ৰাইজে ভোট দিলে বিজেপিয়ে মুছলমান সকলক গাহৰিৰ মাংস খুৱাব। আজমলৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া বিচাৰি সাংবাদিক সকলে মন্ত্ৰী কেশৱ মহন্তক সোধা এক প্ৰশ্ন উত্তৰত মহন্তই কয় যে, ধৰ্মীয় উচ্চ পৰ্যায়ৰ লোক এজনে এনে অশুভনীয় মন্তব্য কৰাটো দূৰ্ভাগ্য জনক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in