শেহতীয়া খবৰ
মই কৈছিলো- যদি আমাৰ পাইলটৰ কিবা হয়, তেন্তে পাকিস্তানক ৰেহাই নিদিমঃ মোডীৰ নিৰ্বাচনী প্ৰচাৰ  •  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’...  •  কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি

অক্ষয় কুমাৰৰ কি কামত বাধা হৈ থিয় দিছে জন আব্ৰাহম…

804

ডিজিটেল ডেস্কঃ যোৱা ২১ মাৰ্চত ছবিঘৰত মুক্তি পোৱা অক্ষয় কুমাৰ অভিনীত ছবি কেশৰীয়ে দৰ্শকৰ পৰা লাভ কৰিছে ব্যাপক সহাঁৰি। মুক্তিৰ ১৫ দিনৰ পাছতো ছবিখন দেশৰ ভিন্ন প্ৰান্তৰ ছবিঘৰত সগৌৰৱে প্ৰদৰ্শিত হৈ আছে যদিও প্ৰথমটো সপ্তাহৰ তুলনাত দ্বিতীয় সপ্তাহত ছবিখনৰ উপাৰ্জন হ্ৰাস পাইছে।

প্ৰথমটো সপ্তাহতে ১০০ কোটিৰ দেওনা পাৰ কৰা ছবিখন দেশ-বিদেশত মুঠ ৪২০০ টা ছবিঘৰত মুক্তি দিয়া হৈছিল। মুক্তিৰ ১৫ দিনৰ অন্তত ছবিখনে মুঠ উপাৰ্জন কৰিছে ১৩৩. ৪৫ কোটি টকা। উপাৰ্জনৰ ক্ষেত্ৰত ২০১৯ বৰ্ষত সবাতোকৈ অধিক অপেনিঙৰ ছবি হিচাপে স্বীকৃতি লাভ কৰিছে কেশৰীয়ে।

অক্ষয় কুমাৰৰ বিপৰীতে অভিনেত্ৰী পৰিনীতি চোপ্ৰাই অভিনয় কৰা ছবিখন পৰিচালনা কৰিছে অনুৰাগ সিঙ আৰু প্ৰযোজনা কৰণ জৌহৰৰ। ছবি সমালোচক সকলৰ মতে অচিৰেই কেশৰীয়ে ১৫০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰা অধিক সম্ভাৱনা আছিল যদিও জন আব্ৰাহম ছবি ‘ৰোমিঅ-আকবৰ- ৱাটলাৰে’ এই গতিত বাধা প্ৰদান কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি