সুদীৰ্ঘ ২২ বছৰৰ পাছত কেশৱ চন্দ্ৰ বসাক সোঁৱৰণি ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ…

সুদীৰ্ঘ ২২ বছৰৰ পাছত কেশৱ চন্দ্ৰ বসাক সোঁৱৰণি ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ…

ডিজিটেল সংবাদ, ধূপধৰাঃ ধূপধৰা ক্ৰীড়া সন্থাৰ উদ্যোগত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে সপ্তম কেশৱ চন্দ্ৰ বসাক সোঁৱৰণি ক্ৰিকেট প্ৰতিযোগিতাখন৷ অসম ক্ৰিকেট সন্থাৰ দ্বাৰা অনুমোদিত তথা অসমৰ এখন অন্যতম আগশাৰীৰ ক্ৰিকেট প্ৰতিযোগিতা হিচাপে পৰিচিত প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখনত বুধবাৰে ধূপধৰা ক্ৰিকেট কোচিং চেন্টাৰে ধূপধৰা এভাগ্ৰীণ ক্লাৱক ৭৩ ৰাণত পৰাস্ত কৰে ৷

খেলখনত কোচিং চেন্টাৰে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত পঁচিশ অভাৰত প্ৰিন্স আহমেদৰ ৫৪ ৰাণৰ সহায়ত ১৮১ ৰাণ কৰে ৷ প্ৰত্যুত্তৰত এভাৰগ্ৰীণে ১৮.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১০৯ ৰাণহে কৰিবলৈ সক্ষম হয় ৷ দলৰ হৈ অধিনায়ক ইনামূল আহমেদে সৰ্বাধিক ৩৫ ৰাণ কৰে ৷

ইফালে, সূদীৰ্ঘ বাইশটা বছৰ বিৰতিৰ মূৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ উদ্বোধনী কাৰ্যসূচী হিচাপে পুৱা পতাকা উত্তোলন কৰে ধূপধৰা ক্ৰীড়া সন্থাৰ সভাপতি মস্তাক গণিয়ে ৷ ইয়াৰ পিচতে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্ৰদ্ধা জ্ঞাপন কৰে ধূপধৰা তিনিদলীয়া ৰাইজৰ সভাপতি সুনীল ৰাভাই ৷

আনহাতে, গছপুলি ৰোপন কাৰ্যসূচীৰ পিচতে খেল উদ্বোধন কৰে বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ গগৈয়ে ৷ উল্লেখযোগ্য যে, শেষবাৰৰ বাবে প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল ১৯৯৯ চনৰ ফেব্ৰুৱাৰী মাহত ৷ এইবেলি গুৱাহাটীকে ধৰি অসমৰ ভিন্ন প্ৰান্তৰ সৰ্বাধিক ষোল্লটা আগশাৰীৰ দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনৰ খেলসমুহ ত্ৰিশ অভাৰকৈ অনুষ্ঠিত হ'ব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in