কেচাঁ চাহপাতৰ মূল্য হ্ৰাসঃ ক্ষুদ্র চাহ খেতিয়কৰ মাজত হাহাকাৰ…

কেচাঁ চাহপাতৰ মূল্য হ্ৰাসঃ ক্ষুদ্র চাহ খেতিয়কৰ মাজত হাহাকাৰ…

ডিজিটেল সংবাদ, কলিয়াবৰঃ ৰাজ্যত কেচা চাহপাতৰ মূল্য হ্ৰাস হোৱাকলৈ ক্ষুদ্র চাহ খেতিয়ক সকলৰ মাজত হাহাকাৰ সৃষ্টি হোৱাৰ সময়তে নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত দেওবাৰে জিলা পৰ্যালয়ৰ কেচা চাহপাতৰ মূল্য পৰ্যালোচনা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। নগাঁও জিলাৰ উপায়ুক্ত কভিতা পদ্মানাভনৰ সভাপতিত্বত অনুষ্ঠিত সভা খনিত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ উৎপাদিত কেচা চাহপাতৰ মূল্য নিম্নগামী হোৱা প্ৰসংগত আলোচনা কৰা হয় ।

উক্ত সভাত ভাৰতীয় চাহ বৰ্ডৰ তেজপুৰ সংমণ্ডলৰ সহকাৰী সঞ্চালিকা অমৃত চক্ৰৱৰ্তী, উত্তৰ পূৱ চাহ সন্থাৰ প্ৰতিনিধি দ্বয় ক্ৰমে পুনিত কুমাৰ সিং আৰু প্ৰনৱ বৰুৱা, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাধাৰণ সম্পাদক কৰুণা মহন্তকে প্ৰমুখ্য কৰি উপস্থিত থকা বিভিন্ন বিভাগৰ বিষয়া বৰ্গ আৰু প্ৰতিনিধিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চাহৰ মূল্যৰ ওপৰত বক্তব্য আগবঢ়ায়। লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চাহৰ দৰ নিম্নগামী হোৱাৰ দোহাই দি ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কেচা চাহপাতৰ উচিত মূল্য দিব নোৱাৰাৰ অন্যতম কাৰণ বুলি মত পোষণ কৰে।

ক্ষুদ্ৰ চাহখেতিয়ক সকলৰ মতে বৃহৎ চাহ গোষ্ঠী সমূহে বছৰৰ কোনো কোনো সময়ত ইচ্ছাকৃতভাৱেও কেচা পাতৰ মূল্য হ্ৰাস কৰি আহিছে।সভাত উপায়ুক্ত গৰাকীয়ে উন্নত মানৰ চাহ উৎপাদন কৰিবৰ বাবে চাহ প্ৰস্তুত কাৰী প্ৰতিনিধি সকলক আহ্বান জনোৱাৰ লগতে কেচা চাহপাতৰ নিম্নতম মানদণ্ড নিৰূপণ কৰি ক্ষুদ্ৰ চাহ খেতিয়ক সকলক উচিত দাম দিয়াৰ ক্ষেত্ৰত ভাৰতীয় চাহ বৰ্ডৰ বিষয়ববীয়া সকলক তৎকালীন ভাবে পদক্ষেপ লবলৈ আহ্বান জনায়।

সভাত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাধাৰণ সম্পাদক কৰুণা মহন্তই কয় যে অসমৰ উৎপাদিত মুঠ চাহ ৫২ শতাংশ উৎপাদন কৰা অসমৰ ডেৰ লাখতকৈও অধিক ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে প্ৰায় ১৫ লাখ লোকক সংস্থাপন দি আহিছে। মহন্তই দোহাৰে যে অসম চৰকাৰৰ সদ্য প্ৰকাশিত বাজেটৰ শিতানত ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ বাবে কেনে ধৰণৰ পুজি আবন্টন দিছে সেই বিষয়ে সু স্পষ্ট নহল বুলি কৈ আক্ষেপ কৰে। ইফালে উক্ত সভাতে প্ৰতিনিধি বৰ্গ ই অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক বৃহৎ চাহ গোষ্ঠী আৰু ব্ৰতলিফ ফেক্টৰী সমূহে কেচা চাহপাতৰ উচিত মূল্য দিয়াৰ লগতে উন্নত মানৰ চাহ উৎপাদন কৰিবলৈও আহ্বান জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in