কেৰেলাৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি…

কেৰেলাৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ কেৰেলাৰ ভূমিস্খলনৰ ঘটনাত মৃত্যুৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি হৈছে। ধাৰাবাহিকভাৱে দি থকা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন।

বিশেষকৈ কেৰেলাৰ ইড্ডুকী জিলাত ভূমিস্খলনে ভয়ানক ৰূপ ধাৰণ কৰিছে।জিলাখনৰ ৰাজামলাই অঞ্চলত শুকৰবাৰে পুৱাৰে পৰা সংঘটিত হোৱা ভূমিস্খলনত এই মুহুৰ্তলৈকে ১৩ জন লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে ১২ জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে।

আহতসকলক মুন্নাৰ টাটা জেনেৰেল হাস্পতালত চিকিৎসা প্ৰদাণ কৰি থকা হৈছে। অঞ্চলটোত হোৱা ভূমিস্খলনত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। ইতিমধ্যে এন ডি আৰ এফ বাহিনীয়ে ধঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in