শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

বৰষুণৰ ফলতেই সংঘটিত হৈছিল কেৰেলাৰ বিমান দুৰ্ঘটনা…

457

ডিজিটেল ডেস্কঃ কেৰেলাৰ বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰায় অৰ্ধশতাধিক অতিক্ৰম কৰিলে আহতৰ সংখ্যাই। ডুবাইৰ পৰা কেৰেলাৰ কোঝিকোড বিমানবন্দৰলৈ অহা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানখন ৰানৱে’ত প্ৰৱেশৰ পাছতেই পিছলি দুৰ্ঘটনাগ্ৰস্ত হয়। য’ত আছিল ১০ শিশু, দুজন পাইলট আৰু কেবিন ক্ৰুৰ ৪জন সদস্যৰ লগতে ১৯০ জন যাত্ৰী।

বায়ুসেনাৰ সুত্ৰত প্ৰকাশ পোৱা তথ্য অনুসৰি মুষলধাৰ বৰষুণ ফলতেই সংঘটিত হৈছে এই দুৰ্ঘটনা। উল্লেখ্য যে কেৰেলাৰ কোঝিকোড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কেৰেলাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ তথা ব্যস্ত বিমানবন্দৰৰ ভিতৰত এটা। কেৰেলাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই দুৰ্ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। এই হেল্পলাইন নম্বৰৰ যোগেদি ডুবাইৰ পৰা কৰেলালৈ দুৰ্ঘটনাগ্ৰস্ত বিমানখনত অহা যাত্ৰীসকলৰ তথ্য সংগ্ৰহ কৰিব পাৰিব।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি