বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি কেৰালালৈ যাব ৰাজনাথ সিং

বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি কেৰালালৈ যাব ৰাজনাথ সিং

ডিজিটেল ডেস্কঃ কেৰালাৰ বান পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিছে। বানৰ সমান্তৰালকৈ ৰাজ্যখনত অব্যাহত আছে ভূমিস্খলনৰ ঘটনা।

বৰ্তমানলৈকে ৰাজ্যখনত বানত নিহতৰ সংখ্যা ৩৭লৈ বৃদ্ধি পাইছে। নতুনকৈ ২৫খন ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। বৰ্তমান ৰাজ্যখনৰ আধা সংখ্যক জিলাই বানৰ তলত আছে।

কেৰালাৰ মুখ্যমন্ত্ৰীয়ে বানত আক্ৰান্ত সকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ জনসাধাৰণ প্ৰতি আহ্বান জনাইছে। আজি কেৰালাৰ বান পৰিস্থিতি বুজ ল'বলৈ ৰাজ্যখনলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং।

আকাশমাৰ্গেৰে তেওঁ ৰাজ্যখনৰ বানৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'ব। ইফালে, যোগাযোগ ব্যাহত হৈ পৰা অঞ্চলসমূহ আৰু পানীয়ে উটুৱাই নিয়া দলংসমূহ নিৰ্মাণৰ কামত নিয়োজিত কৰা হৈছে সেনাৰ জোৱানসকলক।

কেবাটাও নদীবান্ধৰ পানী এৰি দিয়াৰ ফলত  ৰাজ্যখনত একপ্ৰকাৰৰ জলপ্ৰবাহৰ সৃষ্টি হৈছে। ইদ্দুকি নদীবান্ধৰ পানীয়ে ৰাজ্যখনত বিস্তৰ ক্ষতি কৰিছে।

ইফালে পুনৰ ৰাজ্যখনত ধাৰাষাৰ  বৰষুণৰ সতৰ্কবাণীয়ে কেৰালাবাসীক শংকিত কৰি তুলিছে। কেৰালাৰ মুখ্যমন্ত্ৰীয়ে নিজেই বান সাহায্যৰ ব্যৱস্থা তদাৰক কৰিছে। এতিয়াও কেৰালাত কেবাজনো লোক নিৰুদ্দেশ হৈ আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in