কেৰালাত অধিক ভয়াৱহ বান পৰিস্থিতিঃ পানীৰ তলত বিমান

কেৰালাত অধিক ভয়াৱহ বান পৰিস্থিতিঃ পানীৰ তলত বিমান

ডিজিটেল ডেস্কঃ কেৰালাৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। কেৱল ঘৰ-দুৱাৰেই যে বানত ডুব গৈছে এনে নহয়। বানত ডুব গৈছে বিমান বন্দৰত থকা বিমানো।

কেবা দিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ নদীবান্ধসমূহৰ জলধাৰত থকা পানীপৃষ্ঠও আকৌ বিপদজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমানলৈ ৰাজ্যখনত বান আৰু ভূমিস্খলনত ৯৪জনকৈ লোক নিহত হৈছে। ৰাজ্যখনত বানাক্ৰান্ত সকলৰ বাবে ২৮৫৭টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে।

প্ৰায় দুই লক্ষাধিক লোক বানত গৃহহাৰা হৈছে। ধাৰাবাহিক বানত ৰাজ্যখনত ৩৩৯৯ হেক্টৰ কৃষিভূমি নষ্ট হোৱা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। কোচি বিমান বন্দৰত এতিয়া এনে অৱস্থা হৈছে যে, ৰখাই বিমানৰ ভিতৰতো পানী সোমাইছে। বিমান বন্দৰটোত সকলো ধৰণৰ বিমানৰ উৰণ ২৮ আগষ্টলৈ বন্ধ কৰি দিয়া হৈছে।

ইতিমধ্যে ৩৫ নদীবান্ধৰ জলাশয়ৰ পানী পুনৰ এৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাত ৰাজ্য চৰকাৰে হাই এলাৰ্ট ঘোষণা কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই কেৰালাত ১৫ আগষ্টলৈকে ১৬০ ছেণ্টিমিটাৰ হাৰত বৰষুণ হ'ব বুলি ঘোষণা কৰিছিল যদিও, এই সীমাই ১০৮ ছেণ্টিমিটাৰ অতিক্ৰম কৰিছে।

১৯২৪ চনৰ পাছত কেৰালাত এনে মহাপ্ৰলয়ৰ সৃষ্টি হৈছে। বান আৰু উদ্ধাৰ অভিযানত স্থল, বায়ু আৰু নৌ সেনাৰ জোৱানসকল নিয়োজিত হৈ আছে। আজিও কেৰালাৰ ১২খন জিলাত  ধাৰাসাৰ বৰষুণ হৈ আছে। উদ্ধাৰ অভিযানত এন আৰ ডি এফৰ অতিৰিক্ত কোম্পানী নিয়োজিত কৰা হৈছে।

ৰাজ্যখনৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেৰালা চৰকাৰে সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে কেন্দ্ৰ তথা চুবুৰীয়া ৰাজ্যবোৰৰ পৰা সহায় বিচাৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in