কেৰালাৰ বানত ২৭ জনৰ মৃত্যু, উত্তৰ ভাৰতৰ বহু ৰাজ্যত প্ৰচণ্ড বৰষুণ…

কেৰালাৰ বানত ২৭ জনৰ মৃত্যু, উত্তৰ ভাৰতৰ বহু ৰাজ্যত প্ৰচণ্ড বৰষুণ…

ডিজিটেল ডেস্কঃ যি সময়ত এজাক বৰষুণৰ বাবে অসমৰ কৃষকে হাহাকাৰ কৰিছে, গৰমৰ প্ৰকোপত দিন পাৰ কৰিছে সেই সময়তে দেশৰ আন এটা প্ৰান্তত বৰষুণে সৃষ্টি কৰিছে বান পানীৰ। কেৱল বানপানীয়েই নহয়, বানপানীৰ ফলত সৃষ্টি হৈছে খহনীয়া। বান আৰু খহনীয়াৰ ফলত মৃত্যু হৈছে বহু লোকৰ।

কেৰালাত, নেৰানেপেৰা বৰষুণৰ বাবে পৰিস্থিতি অতি গুৰুতৰ হৈ আছে। বান পানী আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈকে মুঠ ২৭ জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে বৰ্তমানেও ৮ জন লোক সন্ধানহীন হৈ আছে। দেওবাৰে সন্ধিয়া, কেৰালাৰ কোট্টায়াম জিলাত বানপানীৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত এটা ঘৰ সম্পূৰ্ণ ৰূপে উটি গৈছে।

পথত ৰৈ থকা লোকে এই ঘটনাক নিজৰ কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছে।এই ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে। ঘৰটো উটি যোৱাৰ সময়ত ঘৰটোত কোনো নাছিল।

বৰফ পৰিবলৈ আৰম্ভ কৰিছে কেডাৰনাথত..

কেৰালাত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ ফলস্বৰূপে ৰাজ্যখনৰ কান্নুৰৰ সেনা জোৱানৰ এটা দলে অভিযান্ত্ৰিক আৰু চিকিৎসা গোটৰ সৈতে উদ্ধাৰ অভিযানৰ বাবে ৱায়ানাডত উপস্থিত হৈছে। সেনাই এতিয়ালৈকে মুঠ ৩ টা সৈন্য মোতায়েন কৰিছে। বৰষুণ প্ৰভাৱিত অঞ্চলসমূহ সাহায্য সামগ্ৰীৰ সৈতে নৌসেনাৰ হেলিকপ্টাৰৰ জৰিয়তে পৰিদৰ্শন কৰা হৈছে। ২ বায়ু সেনাৰ হেলিকপ্টাৰ এম আই-১৭ বায়ু সেনা কেন্দ্ৰ শ্বাংমুঘামত আছে।

ৰেড এলাৰ্ট জাৰি কৰা উত্তৰাখণ্ড

আনহাতে উত্তৰ ভাৰতৰ মধ্য প্ৰদেশ, দিল্লী, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডতো বৰষুণ অব্যাহত আছে। বতৰ বিভাগে উত্তৰাখণ্ডত সোমবাৰৰ বাবে ৰেড এলাৰ্ট আৰু মঙলবাৰৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চাৰি ধাম যাত্ৰা সাময়িকভাৱে বাবে বন্ধ কৰি দিয়া হৈছে। বিদ্যালয়সমূহো বন্ধ ৰখা হৈছে।

উত্তৰ প্ৰদেশত প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান…

যোৱা ২৪ ঘণ্টা ধৰি মধ্যপ্ৰদেশৰ ভূপালকে ধৰি সমগ্ৰ ৰাজ্যতে নেৰানেপেৰা বৰষুণ হৈ আছে। ভূপালত, ২ ইঞ্চিপৰ্যন্ত বৰষুণৰ ফলত পানী জমা হবলৈ আৰম্ভ হৈছে। বাট-পথত এইদৰে পানী জমা হৈ যোৱাৰ ফলত যান-জঁটৰ সৃষ্টি হৈছে। আনহাতে ইন্দোৰতো আধা ইঞ্চিপৰ্যন্ত বৰষুণ হৈছে। হোচঙ্গাবাদ, বুৰহানপুৰ আৰু গোৱালিয়ৰত পানী ২ ৰ পৰা ৩ ইঞ্চিলৈ বৃদ্ধি পাইছে। কেইঘণ্টামানৰ বৰষুণৰ বাবে বুৰহানপুৰ মহাৰাষ্ট্ৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। বুৰহানপুৰৰ পৰা মহাৰাষ্ট্ৰলৈ সংযোগ কৰা বাহাদৰপুৰ পথত নলাৰ পানী উপচি পৰাৰ ফলত মধ্য প্ৰদেশ-মহাৰাষ্ট্ৰ প্ৰায় এঘণ্টা ধৰি বিচ্ছিন্ন হৈ আছিল।

দেশৰ ৰাজধানী চহৰ দিল্লীত দেওবাৰৰ পৰা প্ৰচণ্ড বৰষুণ হৈ আছে। বতৰ বিভাগৰ মতে, সোমবাৰেও দিল্লী, নয়ডা আৰু গুৰুগ্ৰামকে ধৰি দাঁতি কাষৰিয়া বহুতো অঞ্চলত পাতলৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। পশ্চিম উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

এয়া দিল্লীৰ দৃশ্য…

চুবুৰীয়া ৰাজ্য পশ্চিমবংগত ১৭ ৰ পৰা ২০ অক্টোবৰলৈ প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যখনত বৰষুণৰ লগতে ব্ৰজপাত হোৱাৰো সম্ভাৱনা আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in