কেৰালাত পুনৰ ধাৰাসাৰ বৰষুণ, ৰেড এলাৰ্ট জাৰি

কেৰালাত পুনৰ ধাৰাসাৰ বৰষুণ, ৰেড এলাৰ্ট জাৰি

ডিজিটেল ডেস্কঃ কেৰালাৰ বান পৰিস্থিতি পুনৰ সূচনীয় হৈ পৰিছে। আজি কেৰালা চৰকাৰে ৰাজ্যখনৰ প্ৰতিখন জিলাতে ৰেড এলাৰ্ট জাৰি কৰিছে।বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত আজি ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিয়াৰ পাছতে এই পদক্ষেপ লৈছে চৰকাৰে।

ইফালে, বানবিধ্বস্ত ৰাজ্যখনত উদ্ধাৰ অভিযান আজিও অব্যাহত আছে। ইদ্দুকি আৰু ৱায়ান্দাত আজি পুৱাৰে পৰা বৰষুণ হৈ আছে।

সেয়ে ইদ্দুকি নদীবান্ধৰ পানী পুনৰ এৰিবলগীয়া পৰিস্থিতি হ'লে অঞ্চলটোত দ্বিতীয়বাৰৰ বাবে জলপ্ৰলয়ৰ সৃষ্টি হ'ব। এতিয়ালৈকে ৰাজ্যখনত বানত নিহতৰ সংখ্যা ৭০ৰো অধিক হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in