দুদিনৰ মূৰত এসাজ! কেৰালাত থকা অসমীয়াৰ খবৰ ৰাখিছে কোনে?

দুদিনৰ মূৰত এসাজ! কেৰালাত থকা অসমীয়াৰ খবৰ ৰাখিছে কোনে?

 মৃদুল কুমাৰ সন্দিকৈ

যোৱা ১০০ বছৰত এনে পৰিৱেশ হোৱা নাছিল কেৰালাত। চৌদিশে কেৱল পানী আৰু পানী। চহৰ বা বসতিস্থল নহয় যেন কিছু কিছু ঠাই হৈ পৰিছিল সাগৰ সদৃশ। আজি কিছু পানী শুকাইছে। আমি দুদিন ধৰি কেৰালাত থকা বানাক্ৰান্তৰ খবৰ বিচাৰি হাহাকাৰ কৰিছিলো। কিয়নো কেৰালাৰ এই জলপ্ৰলয়ত কেৱল সেই ৰাজ্যৰ জনসাধাৰণৰে দুৰ্গতি হোৱা নাছিল। সমানে দুৰ্গতি হৈছিল অসমৰ পৰা গৈ কৰ্মসূত্ৰে কেৰালাত থকা হাজাৰ হাজাৰ যুৱকৰ।

বেচৰকাৰী হিচাপ মতে, কেৰালাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ নিয়োজিত হৈ আছে ৫০ সহস্ৰাধিক যুৱক। এইসকল যুৱকৰ কি অৱস্থা হৈছে? সেই খবৰ জানিবলৈকে তেওঁলোকৰ মুখেৰে প্ৰত্যক্ষভাৱে পৰিস্থিতিৰ বুজ ল'বলৈ যোগাযোগ অব্যাহত ৰাখিছিলো। ৪-৫টা নম্বৰ পৰিয়ালৰ সংগ্ৰহ কৰি তেওঁলোকৰ সৈতে যোগাযোগ কৰি বিফল হৈছিলো। কাৰোবাৰ যদি মোবাইল ছুইটচ অফ, আন কাৰোবাৰ মোবাইলৰ কোনো সহাৰি নাছিল। বানে ধোৱা অঞ্চলত মোবাইলৰ সংযোগ হোৱাতো পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে। তথাপিও চেষ্টা অব্যাহত ৰাখিছিলো।

গুণই ক'লে, বৰ কষ্টত পাৰ কৰিছো সময়। দুদিন মূৰত এসাজ খাব লগা অৱস্থা। লোকেল মানুহবোৰে কৈছে, জীৱনত হেনো এনে পানী দেখা নাই তেওঁলোকে। গুণক সুধিলো এতিয়া কেনে পৰিস্থিতি তাত? গুণই ক'লে, লাহে লাহে পানী শুকাব ধৰিছে। কিন্তু এতিয়াও পানীৰ তলত বহু ঠাই, বহু ঘৰ-দুৱাৰ।

প্ৰথমতে পালো কুশ ৰাভাক। কেৰালাৰ মাল্লাপুৰমত থাকে কুশ। তাত বেছি পানী হোৱা নাই। ২০জন মান ল'ৰা একেলগে আছে। গোৱালপাৰাৰ বৰঝৰাত ঘৰ কুশৰ। ৮ বছৰ আগতে কেৰালালৈ গুচি গৈছিল। কুশক সুধিলো- 'পানী কিমান'? কুশই জনালে- চৌদিশে পানী। সিহঁতৰ তাত অৱশ্যে বৰ বেছি পানী নাই। কিন্তু বানপানীৰ প্ৰভাৱ তাতো পৰিছে। যোৱা কিছুদিন ধৰি কাৰেণ্টেই নাছিল। মোবাইল চাৰ্জ কৰিবলৈও ব্যৱস্থা নাই। ঘৰৰ মানুহে বৰ টেনশ্যনত কটালে এই দিনকেইটা। কালিৰ পৰাহে কাৰেণ্ট আহিছে। ক'ত কাম কৰে কুশই জানিব বিচৰাত সি এটা পাথৰ কুঁৱেৰীত কাম কৰাৰ কথা জানিবলৈ দিলে। কাম হেনো বন্ধ হৈ আছে সিহঁতৰ। কাম বন্ধ মানেই উপাৰ্জন বন্ধ।

এটা কোঠাত সিঁহত চাৰিজন ল'ৰা ক্ৰমে- ৰোনিত, বিদ্যাধৰ আৰু ভীষ্ম থাকে। এইকেইদিন কাম বন্ধ হোৱাত ৰেচনৰ দোকানৰ পৰা বাকীত বস্তু কিনি কোনোমতে চলি আছে। এদিন কাম কৰিলে দৈনিক হাজাৰ টকাকৈ হাজিৰা পায়। পাথৰ কুঁৱেৰী বন্ধ হৈ থকাৰ বাবে হাজিৰাও পোৱা নাই। ৮১২৯৬১৭৯৯… নম্বৰত কুশক যোগাযোগ কৰিছিলো। কুশৰ লগত কথাপাতি বুজি পালো, পানী নহ'লেও যথেষ্ট সমস্যা হৈছে তেওঁলোকৰ। মাল্লাপুৰমত গোৱালপাৰাৰ পৰাই যোৱা যুৱকৰ সংখ্যা বেছি। সৰহ সংখ্যকেই কাম কৰে পাথৰ কুঁৱেৰীত। পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ হৈছে নে নাই সোধাত কুশই জনালে- সিহঁত যে কুশলে আছে সেই কথা কোৱা হৈছে। বাকী কাম বন্ধৰ কথা কোৱা নাই। নহ'লে যে ঘৰৰ মানুহে বৰ চিন্তা কৰিব। এয়া কুশৰ নহয়, সেই ঠাইত কাম কৰা প্ৰতিজন যুৱকৰে একেই সমস্যা। হ'লেও এটাই সান্তনা ল'বলগীয়া কথা, সেইটো হ'ল কেৰালাৰ প্ৰলয়ংকাৰী বানৰ কৱলত সিহঁত পৰা নাই।

কেৰালাৰ বান অধ্যূষিত অঞ্চল পেম্বাবু। এখন চহৰ। তাতেই থাকে গুণমণি। লখিমপুৰত ঘৰ গুণৰ। এটা প্লাইউড ফেক্টৰীত কাম কৰে গুণই। ঘিলামৰাৰ এজন যুৱকৰ পৰা সংগ্ৰহ কৰা হৈছিল গুণৰ নম্বৰ। ভাগ্যক্ৰমে আজি গুণক পালো। গুণ তেতিয়া গৈ আছিল প্ৰয়োজনীয় কিছু সামগ্ৰী ক্ৰয় কৰিবলৈ। এইকেইদিন বৰষুণেই বৰষুণ তাত। ঘৰৰ পৰা ওলাবই পৰা নাছিল। দুসপ্তাহ ধৰি প্লাইউডৰ ফেক্টৰী বন্ধ হৈ আছে। তাৰ সৈতে তাত লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, ঢকুৱাখানা আনকি গুৱাহাটীৰো বহু ল'ৰা আছে। খবৰ ল'লো সকলোৰে। গুণই ক'লে, বৰ কষ্টত পাৰ কৰিছো সময়। দুদিন মূৰত এসাজ খাব লগা অৱস্থা। লোকেল মানুহবোৰে কৈছে, জীৱনত হেনো এনে পানী দেখা নাই তেওঁলোকে। গুণক সুধিলো এতিয়া কেনে পৰিস্থিতি তাত? গুণই ক'লে, লাহে লাহে পানী শুকাব ধৰিছে। কিন্তু এতিয়াও পানীৰ তলত বহু ঠাই, বহু ঘৰ-দুৱাৰ।

ইদ্দুকিৰ কথা ক'লে গুণই। তাত অৱস্থাই নাই। পানীয়ে উটুৱাই নিছে ঘৰ-দুৱাৰ। ইমান পানী কিয় তাত বুলি সোধাত, গুণৰ দৰে শ্ৰমিকৰ কাম কৰা যুৱকে উত্তৰ দিলে- 'নদীবান্ধ আছে নহয় তাত। বান্ধৰ পানী খুলি দিছে। তাৰ পাছত গোটেইখন চাফা।' এয়া গুণৰ ভাষা। নদীবান্ধৰ বিভীষিকা গুণই উপলব্ধি কৰিছে। চলিবলৈ বহু কষ্ট হৈছে। তথাপিও উপায় নাই। অসমত কাম নাই নেকি?- গুণক সুধিলো। বাহিৰৰ এখন ৰাজ্যত শ্ৰমিকৰ কাম কৰাতকৈ অসমত তেনে কাম কৰাত অসুবিধা ক'ত? গুণই সুধিলে- মই কাম এৰি গুচি যাম। মোক কোনোবাই অসমত এনে কাম দিব পাৰিব? কাম কৰিবলৈ লোণ এটা বিচাৰি গ'লেও ধন দিব লাগে। সেয়েহে ২০১৩চনত গুচি আহিছিলো কেৰালালৈ। কাম কৰি আছিলো, ঠিকেই চলি আছিল। এইবাৰহে কি শনি লাগিলে।

কিমান উপাৰ্জন হয় সুধিব নাপায় যদিও গুণক সুধিলো। গুণৰ চিধা উত্তৰ- এসপ্তাহৰ মূৰত ২ হাজাৰ মান পাওঁ। প্লাইউডৰ ফেক্টৰীত বস্তু উঠোৱা-নমোৱা কৰে গুণই। গুণৰ দৰে বহু ল'ৰাই তাত এই কামেই কৰে। কামৰ কোনো সৰু-ডাঙৰ নাই। ডাঙৰ কথাটো হ'ল তাত পৰিশ্ৰমৰ মূল্য বুজে। কোনোৱে দুই নম্বৰী নকৰে। গুণই পঠাই দিলে হোৱাটছএপত দুখনমান ফটো। পানীৰ বিভীষিকাৰ ফটো আছিল সেয়া।

এইবোৰ গুণই পঠিওৱা ফটো। পানীত ককবকাই থকা এজন অসমীয়া যুৱকে মোবাইলত বন্দী কৰা দৃশ্য। কথাপাতি থাকোতেই গুণই সেই সৰলতাৰে সুধিলে- এইবোৰ ফটো যে দিছো, কিবা অসুবিধা হ'ব নেকি? চাব আকৌ, কিবা যাতে মোৰ অসুবিধা নহয়। গুণক বুজালো- কেৰালাত থকা অসমীয়া যুৱকৰ খবৰ ল'বলৈহে যোগাযোগ কৰা হৈছে তেওঁৰ সৈতে।

গুণই পঠিওৱা আন এখন ফটো এয়া। ৭৬৩৫৯৩৮৫৩… নম্বৰটোৰ পৰা গুণই পঠাইছিল ফটোবোৰ। এতিয়া হেনো পানী শুকাইছে। গুণই সেই বিভীষিকাৰ দৃশ্য মোবাইলৰ কেমেৰাত বন্দী কৰি থৈছে। বাটে-পথে সকলোতে পানী। গুৱাহাটীত বহি বা অসমত থাকি সেই দৃশ্যৰ কথা কল্পনা কৰিব নোৱাৰি। বতৰৰ কথা সুধিলো গুণক। যোৱা দুসপ্তাহমান ধৰি ধাৰাসাৰ বৰষুণ কেৰালাত। ১৮ আগষ্টৰ দিনাই ৩ ঘণ্টা মান বৰষুণ দিছিল। কিন্তু আগৰ দৰে মুষলধাৰ নহয়।

কেৰালাৰ ইদ্দুকি বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনত থকা সৰু-ডাঙৰ ৮০টা নদীবান্ধৰ পানী এৰিবলগীয়া পৰিস্থিতি হৈছে। কেৰালাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কেইবাটাও হেল্পলাইন নম্বৰ খুলি দিছে। ইদ্দুকিৰ হেল্পলাইন নম্বৰ ৯১৯০৬১৫৬৬১১১ত বহু সময় ধৰি যোগাযোগ কৰা হ'ল। ব্যস্ত ফোনটো। এবাৰ ফোনটো লাগিল, সুধিলো ইদ্দুকিত স্থাপন কৰা বান আশ্ৰয় শিবিৰত অসমৰ কিমান মানুহ আছে বা বানত কোনো অসমৰ লোকৰ ক্ষয়ক্ষতিৰ তথ্য আছে নেকি? তেনে কোনো তথ্য তেওঁলোকৰ হাতত নাই বুলি জনালে। লগতে ক'লে- কোনোবা নিৰ্দিষ্ট লোকৰ যদি তথ্য জানিব বিচাৰে তেন্তে তেওঁৰ ঠিকনা আৰু ফোন নম্বৰসহ দিলে সেয়া তেওঁলোকে অনুসন্ধান কৰিব। এনে কোনো নিৰ্দিষ্ট ঠিকনা আমাৰ হাতত নাছিল।

কেৰালাত থকা অসমীয়া যুৱকৰ কি অৱস্থা হৈছে তাৰ বাস্তৱ ছবি এখন দাঙি ধৰাৰ প্ৰয়াসেৰে এই যোগাযোগ কৰা হৈছিল। নিশ্চিতভাৱে তেওঁলোক কিছু সমস্যাত পৰিছে। তাৰমাজতে ছ'চিয়েল মিডিয়াত কেৰালাৰ পৰা দিয়া দুখনমান ফটোৱে দৃষ্টি আকৰ্ষণ কৰিলে। সেই কেইখন ফটো কেৰালাত থকা কেইজনমান যুৱকে দিছিল। দীপ চেতিয়া নামৰ যুৱকজনে ১৭ আগষ্টত ফেচবুকত এনে কেইখনমান ফটো দি লিখিছে- যোৱাকালি ALCOৰ ৫জনীয়া দলতিয়ে চাৰিটা সৰু ল'ৰা, দুজনী আইতা, এজন ককা আৰু খুড়া-খুড়ী সৰ্বমুঠ ২৩জনক বানপানীৰ পৰা উদ্ধাৰ কৰিলে। এইবোৰ কেৰালাত অসমীয়া ডেকা ল'ৰাই বানত ককবকাই থকা লোকক উদ্ধাৰ কৰা ছবি। অসমত বানপানী নতুন কথা নহয়। বানৰ সৈতে সহবাস কৰিবলৈ শিকি পেলাইছে অসমীয়া মানুহে। কিন্তু কেৰালাত এয়া সহজ নাছিল। হঠাৎ অহা এনে প্ৰলয়ংকাৰী বানত কেৰালাৰ বহু লোক দিশহাৰা হৈ পৰিছিল।

কেৰালাত থকা অসমীয়া যুৱকে এতিয়া উদ্ধাৰকাৰীৰো ভূমিকা লৈছে। বীতোপন, জিতুল, বিমল, নিতু আৰু দীপুৱে সেই কথা জনাইছে। কেৰালাত থকা অসমীয়া যুৱকসকল কৰ্মসূত্ৰেই তালৈ গৈ এনে পৰিৱেশ-পৰিস্থিতিৰ সন্মুখীন হোৱাৰ লগতে তেওঁলোকে এটা বস্তু অনুভৱ কৰিছে, সেয়া হ'ল বানৰ বিভীষিকা। নদীবান্ধৰ ফলত কেনে এক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তাৰ পৰিৱেশ পৰিস্থিতি নিজ চকুৰে দেখাৰ পাছত উপলব্ধি হয়তো কৰিছে, এনে পৰিবেশ পৰিস্থিতি এদিন অসমতো হ'বলৈ গৈ আছে। ২০ হাজাৰ কোটিতকৈও অধিক ধন-সম্পত্তি আৰু প্ৰায় ৪শতাধিক লোকৰ প্ৰাণ লোৱা কেৰালাৰ এই বিভীষিকাময় বানৰ পাছতো এচামে ৰাজনীতি কৰিবলৈ এৰা নাই।

তাৰ শেহতীয়া উদাহৰণ- সুব্ৰমনিয়াম স্বামী। বহুবল্কী এই নেতাজনে কেৰালা চৰকাৰক এই প্ৰাকৃতিক দুৰ্যোগৰ বাবে দোষাৰোপ কৰিছে। লগতে কেৰালাৰ বিধানসভা নিৰ্বাচনক সাঙুৰি কৈছে- ৰাইজে নিশ্চয় নিৰ্বাচনত এইবোৰ কথা লক্ষ্য কৰিব। ধিক আমাৰ নেতাসকলৰ এই মানসিকতা। প্ৰধানমন্ত্ৰী, ৰাজ্যপাল সকলোৱে কেৰালা ভ্ৰমণ কৰিছে, বান পৰিস্থিতিৰ বুজ লৈছে। কেৰালা লৈ প্ৰধানমন্ত্ৰীয়ে আগবঢ়াইছে ৫০০ কোটি টকাৰ পেকেজ। কিন্তু কামিহাড় ভাগি যোৱা কেৰালাক লাগে এতিয়া সকলোৰে সহায়। অসমতো অনুৰূপ ধৰণে বানে তাণ্ডৱলীলা চলায়। এতিয়া হয়তো সেই তাণ্ডৱ কেৰালাৰ দৰে হোৱা নাই। কিন্তু চৌদিশে যেতিয়া নদী বান্ধ হ'ব, ভূমিকম্প প্ৰৱণ আৰু অতিপাত বৰষুণ হোৱা এই অঞ্চলটোত কি পৰিৱেশ হ'ব পাৰে সেয়া এতিয়াই কল্পনা কৰিব পৰাকৈ এখন প্ৰতিচ্ছবি কেৰালাই দেখুৱাই দিলে।

কেৰালাত থকা অসমীয়া যুৱকসকলৰ কোনো ক্ষয়-ক্ষতিৰ খবৰ অহা নাই। বানত আক্ৰান্ত হৈছে তেওঁলোক। দুবেলা দুমুঠি খাবলৈ তেওঁলোকৰ সমস্যা হৈছে। কিন্তু ভাল লগা কথাটো হ'ল, কেৰালাতো বানত ককবকাই থকা কেৰালাবাসীক উদ্ধাৰ কৰি এই দুৰ্যোগৰ সময়ত উদ্ধাৰ অভিযানত নামিছে বহু অসমীয়া যুৱক।

কৰ্মসংস্থাপন বিচাৰি অসমৰ যুৱক কেৰালামুখী হোৱাতো আজিৰ কথা নহয়। প্ৰায় এক দশকৰো অধিক কাল ধৰি কেৰালালৈ অসমৰ যুৱকসকলৰ সোত বৈ আছে। অসমতো সেই যুৱকসকলক সংস্থাপনৰ বাবে কৰ্ম আঁচনি প্ৰস্তুত কৰা সুযোগ সুবিধা চৰকাৰে ল'ব পাৰিলে হয়। এনে কৰা হোৱা নাই। যাৰ বাবে শ্ৰমৰ মৰ্যাদা বুজা কেৰালালৈ যিকোনো কাম কৰিবলৈ প্ৰতি বছৰে বহু যুৱক গুচি যায় অসমৰ পৰা। আৰু কেৰালাৰ প্ৰলয়ংকাৰী বানৰ পাছত তাত থকা অসমৰ শ্ৰমজীৱি যুৱকসকল কেনে আছে তাক লৈ পৰিয়াল স্বজন উদ্বিগ্ন হৈ আছে। প্ৰলয়ংকাৰী বানে ধ্বংসলীলা চলাইছে। তাৰ মাজতেই স্বস্তিৰ নিশ্বাস এৰিব পৰা কথাতো হ'ল- কেৰালাত বানৰ বাবে কিছু সমস্যা হ'লেও ঠিকেই আছে আমাৰ ডেকা ল'ৰাসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in