কেৰালাত নদীবান্ধ সৃষ্ট বানে ২৪ ঘন্টাত প্ৰাণ কাঢ়িলে ২২জনৰ

কেৰালাত নদীবান্ধ সৃষ্ট বানে ২৪ ঘন্টাত প্ৰাণ কাঢ়িলে ২২জনৰ

ডিজিটেল ডেস্কঃ বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে কেৰালাতো সংহাৰী ৰূপ ধাৰণ কৰিছে নদী বান্ধ সৃষ্ট বানে। প্ৰৱল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত বুধবাৰৰ পৰা বৃহস্পতিবাৰলৈ দাক্ষিণাত্যৰ ৰাজ্যখনত নিহত হৈছে ২২ জনকৈ লোক।

ইয়াৰ উপৰিও ৱায়ানাড, পালাকাড় আৰু কুঝিকোড়ত তিনিজনকৈ লোক সন্ধানহীন হৈ আছে। প্ৰৱল বৰষুণৰ ফলত অতিৰিক্ত পানী জমা হোৱাত ৰাজ্যখনৰ ইড্ডুকী নদীবান্ধটো ২৬ বছৰৰ মূৰত খুলি দিয়াৰ পিছতে ৰাজ্যখনত এনেদৰে ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি।

উল্লেখ্য যে ইড্ডুকীৰ পূৰ্বেই জলস্তৰ বৃদ্ধিপোৱাৰ বাবে ইদামালয়াৰ বান্ধৰ চাৰিখন গেটেৰে খুলি দিছিল ৬০০ কিউবিক পানী। প্ৰৱল বৰষুণ আৰু বান্ধৰ পৰা এৰি দিয়া পানীয়ে সৃষ্টি কৰা তাণ্ডৱৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পি বিজয়নে জৰুৰীকালীন সভাৰ আহ্বান কৰি দুৰ্যোশ প্ৰশমন বিভাগক সতৰ্ক হৈ থকাৰ নিৰ্দেশ প্ৰদান কৰিছে।

বানাক্ৰান্ত অঞ্চলসমূহত ইতিমধ্যে এনডিআৰএফ, সেনা আৰু নৌবাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্ৰয়োজনত উদ্ধাৰকাৰী দলৰ সংখ্যা অধিক বৃদ্ধি কৰা হ'ব বুলিও জানিবলৈ দিছে ৰাজ্য চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়াই।

ইফালে, বানৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কোচি বিমান বন্দৰত সকলোধৰণৰ বিমানৰ অৱতৰণ সাময়িকভাৱে বন্ধ ৰখা হৈছে। ২০১৩ চনত পেৰিয়াৰ নৈৰ বানত বিমান বন্দৰটোৰ ৰানৱে পানীৰে উপচি পৰালৈ চাইয়েই আগতীয়াকৈ এই সিদ্ধান্ত কৰা হৈছি বুলি সদৰী কৰিছে বিমান বন্দৰ কৰ্তৃপক্ষই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in