কেৰালালৈ কেন্দ্ৰৰ ১০০ কোটি টকাৰ বান সাহায্য

কেৰালালৈ কেন্দ্ৰৰ ১০০ কোটি টকাৰ বান সাহায্য

ডিজিটেল ডেস্কঃ বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা কেৰালাৰ বান পৰিস্থিতিৰ আজি বুজ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে। আকাশমাৰ্গে বান অধ্যুষিত বান পৰিস্থিতিৰ বুজ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

কেৰালাৰ ১৪খন জিলা বানৰ তলত আৰু ইয়াৰে ৮খনত প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰি থৈছে। ৰাজ্যখনত বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰই ১০০ কোটি টকা বান সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে।

যোৱা ৫দিনত ৰাজ্যখনত ৩৭জন লোকৰ বানত মৃত্যু হৈছে। এই বানত ৬০হাজাৰৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। ইফালে, বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত ১৫ আগষ্টলৈকে বৰষুণ অব্যাহত থাকিব বুলি সতৰ্কবাণী জাৰি কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in