‘দুৰ্নীতিৰ ফ্লাইঅভাৰ’! আইএএছ বিষয়াৰ বিস্ফোৰক স্বীকাৰোক্তি- গড়কাপ্তানী মন্ত্ৰীৰ নিৰ্দেশতে হৈছিল সকলো কেলেংকাৰী

‘দুৰ্নীতিৰ ফ্লাইঅভাৰ’! আইএএছ বিষয়াৰ বিস্ফোৰক স্বীকাৰোক্তি- গড়কাপ্তানী মন্ত্ৰীৰ নিৰ্দেশতে হৈছিল সকলো কেলেংকাৰী

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজমাৰ্গৰ এখন উৰণীয়া সেতু। নিৰ্মাণৰ ৩ বছৰ সম্পূৰ্ণ নৌহওঁতেই উৰণীয়া সেতুখন হৈ পৰিল যাতায়তৰ বাবে বিপদসংকুল। নিৰ্মাণৰ নামত আৱন্টিত ধন হৰলুকি কৰা এই উৰণীয়া সেতুখন লাহে লাহে পৰিচিত হৈ পৰিল 'দুৰ্নীতিৰ ফ্লাই অভাৰ' হিচাপে।
ৰাজ্যত চৰকাৰ সলনি হোৱাৰ পিছত নতুন চৰকাৰে সেতুখনৰ মেৰামতিৰ বাবে ধন আৱন্টন কৰিলে যদিও মেৰামতিৰ দায়িত্ব প্ৰদান কৰা শ্ৰীধৰণ নামৰ চৰকাৰী বিষয়াগৰাকীয়ে উৰণীয়া সেতুখনৰ মেৰামতি কৰাটো অসম্ভৱ বুলি তাক নতুনকৈ নিৰ্মাণৰ বাবেহে চৰকাৰক আহ্বান জনায়।

কেৰালাৰ কোচিৰ পলাৰীৱত্তোমত থকা এই 'দুৰ্নীতিৰ ফ্লাইঅভাৰ'ৰ কেলেংকাৰীৰ মূল অভিযুক্ত তথা আইএএছ বিষয়া টি অ' সূৰজক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আইএএছ বিষয়াগৰাকীক ফ্লাইঅভাৰ নিৰ্মাণ কেলেংকাৰী সন্দৰ্ভত সোধাপোছা চলোৱাত প্ৰকাশ পাইছে কেতবোৰ বিস্ফোৰক তথ্য।

বৃহস্পতিবাৰে টি অ' সূৰজক মুৱত্তাপুজা ভিজিলেন্স আদালতত হাজিৰ কৰোৱাৰ সময়ত আইএএছ বিষয়াগৰাকীয়ে ফ্লাইঅভাৰ নিৰ্মাণ কেংলেকাৰীত তেতিয়াৰ গড়কাপ্তানী মন্ত্ৰীগৰাকীৰো হাত থকা বুলি আদালতত স্বীকাৰ কৰে। তদানীন্তন গড়কাপ্তানী মন্ত্ৰী তথা ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ নেতা বি কে ইব্ৰাহীম কুঞ্জুৰ নিৰ্দেশতে ফ্লাইঅভাৰ নিৰ্মাণত দুৰ্নীতি সংঘটিত হৈছিল বুলি আদালতক জনায় টি অ' সূৰজে।

আইএএছ বিষয়াগৰাকীয়ে আদালতত বি কে ইব্ৰাহীম কুঞ্জুৰ বিৰুদ্ধে অভিযোগ তুলি কয় যে ফ্লাইঅভাৰ নিৰ্মাণত কেলেংকাৰী সংঘটিত হোৱা বুলি জনাৰ পিছতো ফাইলত হস্তাক্ষৰ কৰিছিল তেতিয়াৰ গড়কাপ্তানী মন্ত্ৰীগৰাকীয়ে। লগতে তদানীন্তন মন্ত্ৰীগৰাকীৰ নিৰ্দেশতে নিৰ্মাণকৰ্তাক আগধন প্ৰদান কৰা হৈছিল বুলিও জনায় আইএএছ বিষয়াগৰাকীয়ে। তাৰ বাবে ৰোডছ এণ্ড ব্ৰীজেছ ডেভলপমেন্ট কৰ্প'ৰেশ্যন কেৰল (আৰ বি ডি চি কে)ৰ সঞ্চালকে মন্ত্ৰীগৰাকীক অনুৰোধ জনাইছিল।

কেৰালৰ সেই সময়ৰ ইউডিএফ চৰকাৰৰ কাৰ্যকালত গড়কাপ্তানী সচিব হিচাপে কৰ্মৰত টি অ' সূৰজে ফাদিল কৰা ফ্লাইঅভাৰ নিৰ্মাণ কেলেংকাৰীৰ তথ্যৰ পিছতে এতিয়া তদানীন্তন গড়কাপ্তানী মন্ত্ৰীগৰাকীকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। কেৰেলাৰ ভিজিলেন্স এণ্ড এন্টি কৰাপশ্যন ব্যুৰ' (বিএচিবি)য়ে ইতিমধ্যে ইয়াৰ তদন্ত কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ সংকেত দিছে।

উল্লেখ্য যে, ইউডিএফ চৰকাৰৰ কাৰ্যকালত পলাৰীৱত্তোমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰা এই ফ্লাইঅভাৰখন ২০১৬ জনত সাধাৰণ নাগৰিকৰ বাবে মুকলি কৰা হৈছিল। কিন্তু নিৰ্মাণৰ ৩ বছৰ সম্পূৰ্ণ নৌহওঁতেই ফ্লাইঅভাৰখনৰ মাজত কেইবাটাও দ গাতৰ সৃষ্টি হৈ যাত্ৰাৰ বাবে বিপদজ্জনক হৈ পৰাত চলিত বৰ্ষৰ মে' মাহত চৰকাৰে ফ্লাইঅভাৰখন অস্থায়ী ৰূপে বন্ধ কৰে।

কেৰালাৰ বৰ্তমানৰ এলডিএফ চৰকাৰে ফ্লাইঅভাৰ খনৰ নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ দিয়াৰ পিছত টি অ' সূৰজসহ ফ্লাইঅভাৰ খনৰ নিৰ্মাণেৰে জড়িত মুঠ ৪ জনক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে ১৬ ছেপ্টেম্বৰত চৰকাৰে ফ্লাইঅভাৰখন পুনৰ নিৰ্মাণৰ সিদ্ধান্ত লয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in