মঙলদৈৰ বানেইকুছিত কেন্দ্ৰীয় শিল্পী দিৱসৰ লগতে আছুৰ ‘কা’ বিৰোধী বিশাল জনসভা

মঙলদৈৰ বানেইকুছিত কেন্দ্ৰীয় শিল্পী দিৱসৰ লগতে আছুৰ ‘কা’ বিৰোধী বিশাল জনসভা

ডিজিটেল সংবাদ, মঙলদৈঃ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, মহলীয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু বানেইকুছি আঞ্চলিক ৰাইজৰ সহযোগত শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস পালন কৰা হয়। পূৰ্ণ স্থানীয় মাতৃসেৱা সংঘৰ খেলপথাৰত পালন কৰা শিল্পী দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৯.৪৫ বজাত সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলন কৰে আছুৰ কেন্দ্রীয় সভাপতি দীপাংক কুমাৰ নাথে। ১০ বজাত স্মৃতি তৰ্পণ কৰে সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। ইয়াৰ পিচতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাই।

উল্লেখযোগ্য যে শিল্পী দিৱসৰ মূল কাৰ্যসূচী তিনিটা সম্পন্ন হোৱাৰ পিছতে দুপৰীয়া ১১ বজাত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে সেই স্থানতে এক বিশাল প্ৰতিবাদী জনসভা অনুষ্ঠিত হয়। প্ৰতিবাদী সভাত আছুৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, বিশিষ্ট শিল্পী জ্যোতি প্ৰসাদ দাস, জুবিন গাৰ্গ, বাবু, দিক্ষু, মিতালী বৰুৱা, অজয় ফুকন, মানস ৰবীন উপস্থিত থাকে।

'কা' বিৰোধিতা কৰি আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয়, 'নৰেন্দ্ৰ মোদীয়ে অসমৰ গামোচা ডিঙিত লয়, কিন্তু ৰূপকোঁৱৰক ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান নকৰিলে৷ আমি "কা"ৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে আাইনী যুঁজ কৰি যাম। সমান্তৰালভাৱে আমাৰ আন্দোলনো অব্যাহত থাকিব। অসমৰ ৰাইজৰ সতে থাকি আছুৱে কাম কৰি যাব৷ আমাৰ লগত মাতৃ শক্তি আছে। আমাৰ আন্দোলন কোনেও স্তুব্ধ কৰিব নোৱাৰে৷ কাৰন আন্দোলন কৰিব লাগে বাবেই কৰা নাই, আন্দোলন সমস্যা সমাধানৰ বাবে৷'

ইফালে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয়, 'অসমীয়াই আজি সংগ্ৰাম কৰিছে জাতি-কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে। চৰকাৰে কৰা ষড়যন্ত্ৰ এতিয়া অসমৰ ৰাইজে বুজি পাইছে। গতিকে এই সংগ্ৰাম কেতিয়াও স্তব্ধ কৰিব নোৱাৰে৷ দিল্লীয়ে অসমীয়াক কৰা মানসিক হাৰাশাস্তি ৰোধৰ দাবীৰে অসমৰ জনতা এতিয়া ৰাজপথলৈ ওলাই আহিব লগীয়া হৈছে৷ শিল্পী, সাহিত্যিক কৃষক, ছাত্ৰ এতিয়া এক হৈ আন্দোলনত জঁপিয়াই পৰাৰ লগে লগে দিল্লী-দিছপুৰ এতিয়া শংকিত হৈ পৰিছে৷'

শুকুৰবাৰে প্ৰতিবাদী সভাতে পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটে সদৌ অসম ছাত্র সন্থাৰ ন্যায়িক সংগ্ৰামৰ বাবে ৫ হাজাৰ টকা আছুৰ মুখ্য উপদেষ্ঠা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ হাতত অৰ্পণ কৰে। পথৰু সমন্বয় গোষ্ঠী হৈ এই ধন প্ৰদান কৰে খিনিন্দ কুমাৰ দাস আৰু মোস্তাক হুছেইনে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in