মুখ্য সচিবক মাৰপিটৰ গোচৰঃ দিল্লীৰ মুখ্যমন্ত্ৰী-উপমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগনামা

মুখ্য সচিবক মাৰপিটৰ গোচৰঃ দিল্লীৰ মুখ্যমন্ত্ৰী-উপমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগনামা

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্য সচিবক মাৰপিট আৰু দুৰ্ব্যৱহাৰ কৰা গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী কেজৰীৱালৰ বাসগৃহত দিল্লীৰ মুখ্য সচিব অংশু প্ৰসাদক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি মুঠ ১৩জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। তাৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱাল, উপ মুখ্যমন্ত্ৰী মনীষ ছি'ছডিয়াকে ধৰি ১১জন আপৰ বিধায়কৰ নাম আছে।

কেবাজনো লোকৰ জৱানবন্দী লোৱাৰ লগতে চিচি টিভি কেমেৰা আৰু তথ্য প্ৰমাণৰ ভিত্তিত এই অভিযোগনামা প্ৰস্তুত কৰিছিল আৰক্ষীয়ে। অৰবিন্দ কেজৰীৱালৰ ঘনিষ্ঠ তথা পৰামৰ্শদাতা বি কে জৈনক চৰকাৰী পক্ষৰ সাক্ষী কৰা হৈছে।

উল্লেখযোগ্য যে, ১৯ ফেব্ৰুৱাৰীত এক বৈঠকৰ সময়ত দিল্লীৰ মুখ্য সচিবগৰাকীক মাৰপিটৰ লগতে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in