কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত পলে পলে মৃত্যুৰ মুখত পৰিছে বন্যপ্ৰাণী, বিকল ইন্টাৰচেপ্টৰৰ কেমেৰা…

কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত পলে পলে মৃত্যুৰ মুখত পৰিছে বন্যপ্ৰাণী, বিকল ইন্টাৰচেপ্টৰৰ কেমেৰা…

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যৰ লগতে কাজিৰঙাৰো বিভিন্ন প্ৰান্তত বৰ্তমান বানে চলাই আছে তাণ্ডৱ। বানৰ পৰা ৰক্ষা পাবলৈ বহু বন্যপ্ৰাণী ওখ ঠাই তথা ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে। ফলত সংঘটিত হৈছে বহু দুৰ্ঘটনা।

দেওবাৰে পুনৰ কাজিৰঙাৰ বাগৰিত সংঘটিত হয় এনে এক ঘটনা। এখন তীব্ৰবেগী বাহনৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এটা হৰিণা। বানৰ পৰা ৰক্ষা পৰিবলৈ ঘাইপথলৈ ওলাই অহা সময়তে এখন বাহনখনৰ খুন্দাত হৰিণাটোৰ পিছৰ ঠেং এখন আঘাতপ্ৰাপ্ত হয়।

স্থানীয় ৰাইজে বন বিভাগক এই সন্দৰ্ভত খবৰ দিয়ে যদিও, খবৰ যুগুতোৱা সময়লৈকে বন বিভাগৰ লোক উপস্থিত নহয় উক্ত স্থানত। উল্লেখ্য যে, শনিবাৰেও সংঘটিত হৈছিল এনে এক ঘটনা। এখন তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু হৈছিল এটা হৰিণাৰ।

আনহাতে, সাম্প্ৰতিক পৰিস্থিতিৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ বহু ঠাই জলমগ্ন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি লঘু মটৰ বাহনৰ চলাচল সাময়িকভাবে বন্ধ ৰখা হৈছে। জখলাবন্ধা আৰু বোকাখাতত গাড়ী সমূহ ৰখাবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা। জানিব পৰা মতে, যোৱা চাৰিমাহ ধৰি কাম কৰা নাই ইন্টাৰচেপ্টৰ বাহনত সংযোগ হৈ থকা কেমেৰাসমূহো।

ইফালে, বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ কাৰ্যালয়ৰ তথ্য অনুসৰি যোৱা ১০ জুলাইৰ পৰা ১৪ জুলাইৰ ভিতৰত কাজিৰঙাত অভয়াৰণ্যৰ ৬টাকৈ হৰিণাক উদ্ধাৰ কৰা হৈছে। ইয়াৰে এটা হৰিণা উদ্ধাৰ কৰাৰ পাছতেই মৃত্যু হয়। বাকী ৫টা হৰিণাৰ চিকিৎসা অব্যাহত ৰখা হৈছে।

তদুপৰি আন ৪টাকৈ হৰিণা বাহনৰ খুন্দাত নিহত হোৱা বুলি তথ্যত জানিব পৰা গৈছে। আনহাতে, ১ টা হৰিণা আৰু ৩টাকৈ বনৰীয়া হাতী বানৰ ফলত মৃত্যু হোৱা বুলিও উল্লেখ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in