কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ চেনছিটিভ জ’নক লৈ বন বিভাগৰ ৰহস্যজনক স্থিতি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ চেনছিটিভ জ’নক লৈ বন বিভাগৰ ৰহস্যজনক স্থিতি

ডিজিটেল ডেস্কঃ যি সময়ত ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাক সুৰক্ষিত কৰাৰ বাবে পৰিৱেশ সংৰক্ষণৰ সৈতে জড়িত দল-সংগঠন তথা সচেতন লোকে দাবী উত্থাপন কৰিছে, সেই সময়ত চৰকাৰী পৃষ্ঠপোষকতাতে কাজিৰঙাৰ চৌপাশৰ পৰিৱেশ বিনষ্ট কৰিবলৈ নামি পৰিছে একাংশ চৰকাৰী বিষয়া। উচ্চতম ন্যায়ালয়ে ইক' চেনছিটিভ জ'নৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সুৰক্ষা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়াৰ সময়তে অসম চৰকাৰৰ বন বিভাগৰ কাণ্ডই চকু কপালত তুলিছে বন্যপ্ৰেমী দল-সংগঠন তথা পৰিৱেশ কৰ্মীৰ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত ইক' চেনছিটিভ জ'ন হিচাপে ঘোষণা কৰিবলৈ বিচাৰ বিবেচনাৰ বাবে চেন্ট্ৰেল এমপাৱাৰ কমিটী গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। এই নিৰ্দেশনাৰ বিৰুদ্ধে গৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপৱৰ্তী স্থান ইক' চেনছিটিভ জ'ন হিচাপে ঘোষণাৰ ক্ষেত্ৰত বন বিভাগ তথা ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াই এক বৈঠকত লোৱা সিদ্ধান্তক লৈ এতিয়া সমালোচনাৰ সৃষ্টি হৈছে।

উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া চেন্ট্ৰেল এমপাৱাৰ কমিটীয়ে কিছু সুৰক্ষিত স্থানৰ বাবে কাম কৰি থকাৰ সময়তে সুৰক্ষা নথকা স্থান সমূহৰ ক্ষেত্ৰত গঠন কৰা হৈছিল ইক' চেনছিটিভ জ'ন। ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষিত স্থানৰ পৰা ১০ কিলোমিটাৰলৈকে এই ইক' চেনছিটিভ জ'ন হিচাপে ঘোষণা কৰিব পাৰি।

২০০২ত ৱাইল্ড লাইভ কনজাৰভেশ্যন ষ্ট্ৰেটেজিত এই কথা উল্লেখ থকাৰ পাছতো ২৭ জুনত ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু বন বিষয়া সকলৰ এক বৈঠকত সিদ্ধান্ত লোৱা হয় যে কাজিৰঙাৰ সুৰক্ষিত স্থান সমূহৰ পৰা মাত্ৰ ৩০০-৪০০ মিটাৰলৈকেহে ইক' চেনছিটিভ হিচাপে চিহ্নিত কৰা হ'ব।

তেওঁলোকৰ যুক্তি- যিহেতু সেই স্থান সমূহত জন সাধাৰণৰ বসতি আৰু চৰকাৰী কাৰ্যালয় আছে। অতিৰিক্ত পিচিচিএফক ইক' চেনছিটিভ জ'নৰ বাবে নতুন প্ৰস্তাৱ মুখ্য সচিবক অৱগত কৰাৰ বাবে দায়িত্ব দি ২ সপ্তাহৰ ভিতৰতে মূল আৰ্হি প্ৰস্তুত কৰি এই সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু জিলা উপায়ুক্তৰ সৈতেও আলোচনা কৰা হ'ব বুলি সিদ্ধান্ত লোৱা হয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল যদিও এগৰাকী বন বিষয়াই তেনে কোনো সিদ্ধান্ত চূড়ান্ত হোৱা নাই বুলি জানিবলৈ দিয়ে। ইফালে, ইক' চেনছিটিভ জ'নৰ সন্দৰ্ভত থকা গাইডলাইন অনুসৰি ২০০০ জনৰ ২১ জানুৱাৰীত হোৱা ইণ্ডিয়ান ব'ৰ্ড অৱ ৱাইল্ড লাইফৰ বৈঠকত গ্ৰহণ কৰা হৈছিল ৱাইল্ড লাইফ কনজাৰভেশ্যন ষ্ট্ৰেটেজি-২০০২। সেই প্ৰস্তাৱ অনুসৰি কোনো ৰাষ্ট্ৰীয় উদ্যানৰ মূল সীমাৰ পৰা ১০ কিলোমিটাৰ পৰ্যন্ত ইক' চেনছিটিভ জ'ন ঘোষণা কৰিব পাৰি।

২০০২ চনৰ ৬ ফেব্ৰুৱাৰীত এই সন্দৰ্ভত এডিশ্যনেল ডাইৰেক্টৰ জেনেৰল অৱ ফৰেষ্টে তেনে স্থান চিনাক্ত কৰাৰ বাবে ছীফ ৱাইল্ড লাইফ ৱাৰ্ডেন সমূহলৈ পত্ৰ প্ৰেৰণ কৰিছিল। উচ্চতম ন্যায়ালয়েও গোৱা ফাউণ্ডেছনে দাখিল কৰা এক আবেদনৰ ভিত্তিত ইক' চেনছিটিভ জ'নৰ সন্দৰ্ভত কিছু নিৰ্দেশনা জাৰি কৰিছিল।

নেশ্যনেল ৱাইল্ড লাইফ একশ্যন প্লেন ২০০২-২০১৬ত এই কথা উল্লেখ আছিল যে- "Areas outside the protected area network are often vital ecological corridor links and must be protected to prevent isolation of fragments of biodiversity which will not survive in the long run. Land and water use policies will need to accept the imperative of strictly protecting ecologically fragile habitats and regulating use elsewhere."

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত থকা শিলৰ কুঁৱেৰীসমূহক ৰক্ষণাবেক্ষণ দিবলৈকে এইদৰে ইক' চেনছিটিভ জ'নৰ ক্ষেত্ৰত নৰম স্থিতি বন বিভাগে লৈছে নেকি বুলিও প্ৰশ্ন উঠিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপৱৰ্তী অঞ্চলসমূহত বন্যপ্ৰানী সমূহৰ অহা-যোৱা, বিশেষকৈ বানপানীৰ সময়ত এই অঞ্চলসমূহলৈ ওলাই আহে বন্যপ্ৰানী। সেয়েহে এই দৃষ্টিকোণেৰে কাজিৰঙাৰ সমীপৱৰ্তী ইক' চেনছিটিভ জ'ন অতি গুৰুত্বপূৰ্ণ।

কিন্তু সেই দৃষ্টিৰে নাচাই ৰাষ্ট্ৰীয় উদ্যানৰ মূল সীমাৰ ১০ কিলোমিটাৰলৈকে ইক' চেনছিটিভ জ'ন ঘোষণা কৰিব পৰাৰ সুবিধা থকাৰ পিছতো কিয় বন বিভাগে এনে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে, তাক লৈ সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in