শেহতীয়া খবৰ
ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  কেব বিৰোধী প্ৰতিবাদত শংকিত ৰজাঘৰীয়া! ২৪ ঘণ্টাৰ বাবে অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  ট্ৰেফিক পইণ্টৰ পাছত আৰক্ষীৰ সন্মুখতে বাছ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে...  •  অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰেই সঁচা হ’ল, অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  কেব বিৰোধী প্ৰতিবাদক লৈ শংকিত কেন্দ্ৰঃ অসমলৈ প্ৰেৰণ অতিৰিক্ত অৰ্ধ সামৰিক বাহিনীৰ জোৱান...  •  প্ৰতিবাদকাৰীৰ উগ্ৰমূৰ্তি দেখি আৰক্ষীৰ পলায়ন...  •  প্ৰতিবাদকাৰীক খেদিবলৈ আৰক্ষীৰ পুনৰ পানী নিক্ষেপ... VIDEO  •  ছুপাৰমাৰ্কেটৰ ট্ৰেফিক পইণ্ট জ্বলালে প্ৰতিবাদকাৰীয়ে... EXCLUSIVE VIDEO  •  দিশপুৰত পানী মাৰি প্ৰতিবাদকাৰীক খেদিবলৈ চেষ্টা আৰক্ষীৰ...

কাজিৰঙাত বানৰ মাজতে আতংক! প্ৰাণৰক্ষাৰ বাবে বনৰজা উঠিলগৈ বিচনাত…

191

ডিজিটেল ডেস্কঃ অসমত বৰ্তমান অব্যাহত আছে বানৰ তাণ্ডৱ। ৰাজ্যখনৰ প্ৰায় ৫০ লাখ লোকৰ মাজত এই বানৰ ফলত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি। লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীবোৰেও মৃত্যুক সাৱটিব লগা হৈছে এই বানৰ বাবেই।

কিন্তু তাৰমাজতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কাজিৰঙাৰ সমীপৰ হাৰমতিত বানৰ পৰা ৰক্ষা পাবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা বাঘ সোমাইগৈ এটা বাসগৃহত। ঘৰত কোনো নথকা সময়তে বাঘটোৱে বিচনাৰ ওপৰত শুই থকা পৰিলক্ষিত হয়।

বাঘটো পৰিলক্ষিত কৰাৰ পাছত গাঁওবাসীয়ে বন বিভাগক খবৰ দিয়ে। তাৰপাছত বন বিভাগৰ লোক উপস্থিত হয় উক্ত স্থান। ইফালে, বাঘটোৰ ফটো ৱাইল্ড লাইফ ট্ৰাষ্ট ইণ্ডিয়াই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। আৰু এই ফটো ভাইৰেল হৈ পৰে।

বন বিভাগৰ লোকে সংবাদমাধ্যমৰ আগত জনায় যে, বাঘটোক সুৰক্ষিতভাৱে ঘৰটোৰ পৰা ওলাবলৈ চেষ্টা চলাই থকা হৈছে। উল্লেখ্য যে, বানৰ ফলত বৰ্তমানলৈ মুঠ ২৭জন লোকৰ মৃত্যু হৈছে। ব্ৰহ্মপুত্ৰৰ লগতে আনবোৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত এনেদৰে বানৰ পৰা নিজক ৰক্ষা কৰিবলৈ বন্যপ্ৰাণীবোৰেও নিৰাপদ স্থান বিচৰাৰ ফলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি