কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অভিলেখঃ ২০২২ বৰ্ষত ৬কোটিতকৈও অধিক ৰাজহ সংগ্ৰহ…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  অভিলেখঃ ২০২২ বৰ্ষত ৬কোটিতকৈও অধিক ৰাজহ সংগ্ৰহ…

ডিজিটেল সংবাদ, বোকাখাতঃ সংৰক্ষণৰ দিশত সফলতাৰে শতবর্ষ গৰকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ পৰ্যটকৰ আগমনে ইতিহাস ভংগ কৰিলে। বুধবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পর্যটকৰ বাবে উদ্যান কর্তৃপক্ষই বন্ধ ঘোষণা কৰি জানিবলৈ দিয়া মতে,

২০২১-২২ বৰ্ষত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি মুঠ ২, ৫৫, ৬৭৬ জন দেশ বিদেশৰ পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে। ইয়াৰে ১,৬৭৮জন বিদেশী পর্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্রমণ কৰাৰ লগতে ২,৫৩,৯৯৮জন দেশীয় পর্যটকে উদ্যান ভ্রমণ কৰাত বন বিভাগে মুঠ ৬, ২৪, ৮, ৬৫৪ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, এইবাৰৰ পৰ্যটন বৰ্ষৰ প্রধান আকর্ষণ আছিল ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন। ইয়াৰ উপৰিও দেশৰ বহুসংখ্যক ভি ভি আই পি তথা বিশেষ লোকৰ ৰাষ্ট্ৰীয় উদ্যান ভ্রমণ।

ইফালে কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বলিউডৰ তাৰকা অক্ষয় কুমাৰে এক কোটি অনুদান আগবঢ়োৱা বাতৰিয়েও পর্যটকৰ দৃষ্টি আকর্ষণ বৃদ্ধি কৰে। উল্লেখ্য, ২০২১-২২ পর্যটন বর্ষৰ মুঠ পৰ্যটকৰ ভিতৰত সর্বাধিক ডিচেম্বৰ মাহত ৫৫, ৭৭৩জন পর্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে।

ইফালে বছৰৰ মে' মাহত বাৰিষা অর্থাৎ বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ কাৰণে পৰ্যটকৰ বাবে উদ্যান বন্ধ ৰখা হয় যদিও এইবাৰ সম্পূৰ্ণ মে মাহটো অতিৰিক্তভাৱে খোলা ৰখাত কেৱল মৌ মাহতেই ১৫, ৯৮৯ জন পর্যটকে উদ্যান ভ্রমণ কৰে। বৰ্তমান সামাজিক মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ কথা বহুলভাৱে প্ৰচাৰ হোৱাত দিনকদিনে কাজিৰঙালৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে বুলি উদ্যান কর্তৃপক্ষই মত প্রকাশ কৰে।

অন্যহাতে, মহামাৰী ক'ভিডৰ কিছু বাধ্য বাধকতাৰ বাবে এইবাৰ কাজিৰঙালে বিদেশী পৰ্যটকৰ আগমন কমিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ বিদেশৰ পৰ্যটকৰ আগমন বৃদ্ধি পালে ৰাজহো আৰু বৃদ্ধি পাব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ যোৱা কোনো পর্যটকেই বিমুখ হ'বলগা নহয়।

গড়, হাতী, ঢেঁকীয়াপতীয়া বাঘ, এছীয় ম'হ, পাঁচ শতাধিকতকৈও অধিক প্ৰজাতিৰ পক্ষী খাল, বিলকে ধৰি জীব বৈচিত্র্যৰে ভৰপূৰ এই ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰিবলৈ অহা সকলোধৰণৰ পৰ্যটকে আনন্দ লাভ কৰিবলৈ সক্ষম হয় বুলি পর্যটন ব্যবসায়ীয়ে মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে, এইবাৰ কাজিৰঙালৈ পৰিয়ালৰ সৈতে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কবিন্দে দৰ্শন কৰাৰ ফলতো কাজিৰঙাৰ প্ৰতি পর্যটকৰ আকর্ষণ বৃদ্ধি পাইছে বুলি পর্যটন ব্যৱসায়ীয়ে জানিবলৈ দিয়ে।

এটা গুৰুত্বপূৰ্ণ কথা যে ১৯০৫ চনত কাজিৰঙাক প্রস্তাবিত সংৰক্ষিত বনাঞ্চল ঘোষণা কৰাৰ পাছত ১৯৩৮ চনত উদ্যানখন পর্যটকৰ বাবে মুকলি কৰা হৈছিল। বিগত ৯৪ বছৰীয়া ইতিহাস ভংগ কৰি এইবাৰ সৰ্বাধিক পর্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উদ্যান ভ্রমণ কৰি অভিলেখ সৃষ্টি কৰাটো পর্যটন ব্যৱসায়ীৰ বাবে এক শুভলক্ষণ বুলি পৰ্যটনৰ সৈতে জড়িত লোকে জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in