কোভিডৰ সংক্ৰমন বৃদ্ধিৰ বাবে বন্ধ কৰি দিয়া হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…

কোভিডৰ সংক্ৰমন বৃদ্ধিৰ বাবে বন্ধ কৰি দিয়া হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…
  • বন্ধ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
  • বৰ্ধিত কভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ পৰা বন্ধ কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
  • অনিৰ্দিষ্ট সময়ৰ বাবে পৰ্যটকৰ প্ৰবেশ বন্ধ কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখন।
  • কেন্দ্ৰীয় পৰিবেশ,বন মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পাছত লোৱা হৈছে এই সিদ্ধান্ত।
  • ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুল যাতে কভিড ১৯ বিয়পিব নোৱাৰে তাৰ বাবেই এই সিদ্ধান্ত।
  • যোৱা ৩০ এপ্ৰিলত হাতী ছাফাৰী বন্ধ কৰি দিয়া হৈছিল কাজিৰঙাত।
  • উল্লেখযোগ্য যে, বিগত ২১ অক্টোবৰৰ পৰা কোভিড সংক্ৰমনৰ মাজতেই পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
  • অক্টোবৰ পৰা এপ্ৰিল মাহলৈকে মুঠ ১,৯৮,৫৯৫ গৰাকী পৰ্যটকে কোভিড সংক্ৰমণ কালতেই কাজিৰঙা দৰ্শন কৰিছিল। ইয়াৰ ভিতৰত আছিল ৫৭০ গৰাকী বিদেশী পৰ্যটক৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in