কাজিৰঙাৰ কঁহৰাত ১৮ এপ্ৰিলত সাংবাদিকৰ মুকলি বিহু….

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কঁহৰাস্থিত গ্ৰামোন্নয়ন অতিথিশালাৰ সন্মুখৰ বাকৰিত প্ৰতিবছৰৰ দৰে এইবাৰো অষ্টমবৰ্ষ সাংবাদিকৰ মুকলি বিহুৰ আয়োজন কৰা হৈছে। অহা ৪ বহাগ অৰ্থাৎ ১৮ এপ্ৰিলত সাংবাদিকৰ মুকলি বিহু উদযাপন কমিটিয়ে আয়োজন কৰিছে এই মুকলি বিহুৰ।

কাজিৰঙাৰ কঁহৰা গ্ৰামোন্নয়ন অতিথিশালাৰ সন্মুখৰ বাকৰি ১৮ এপ্ৰিল অৰ্থাৎ দেওবাৰে দিনৰ ৯ বজাৰ পৰা আৰম্ভ হ'ব এই মুকলি বিহু অনুষ্ঠান। কৰ্মব্যস্ত সাংবাদিক-সংবাদকৰ্মীসকলক ৰঙালী বিহুৰ সময়চোৱাত একেলগে লগ পোৱাৰ আৰু ৰঙালীৰ ৰং-ৰহইচ কৰাৰ মানেসেৰ এই মুকলি বিহু অনুষ্ঠানত উপস্থিতি কামনা কৰিছে বিহু উদযাপন কমিটিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in