নিষিদ্ধ হ’ব গুটখা, অসমৰ ক’ত জাৰি কৰিলে নিৰ্দেশনা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ পিছত অসমতো গুটখা খোৱা লোকসকলৰ বাবে আছে বেয়া খবৰ। এতিয়াৰে পৰা মন গ'লেও খাব নোৱাৰিব গুটখা। বোকাখাত মহকুমা প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। কাজিৰঙাৰ কহঁৰাত গুটখা, পান মছলা, চুপাৰীৰ লগতে ধঁপাতজাতীয় সামগ্ৰী খোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে বোকাখাট মহকুমা প্ৰশাসনে।

কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ কেন্দ্ৰস্থল কহঁৰা চাৰিআলিক গুটখাজাতীয় সামগ্ৰীৰ পৰা মুক্ত কৰি ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি লোৱা হৈছে এই পদক্ষেপ। গুটখাৰ বিৰুদ্ধে বোকাখাত মহকুমা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা।

উল্লেখ্য যে, কহঁৰা আৰক্ষী চকীৰ ৩০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত গুটকা, পান মচলা আৰু চুপাৰীজাতীয় কোনো সামগ্ৰী খোৱাৰ লগতে বিক্ৰী কৰিব নোৱাৰিব কোনো লোকে। গুটখা খোৱা লোকসকলে বিভিন্ন পেকেট পেলাই পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ উঠাৰ পিছতে লোৱা হৈছে এই বিশেষ ব্যৱস্থা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in