কোন এই মহাপ্ৰতাপী নাৰী? মাজনিশা কাজিৰঙাত কৰে নৈশ বিহাৰ, গোচৰ ৰুজু…VIDEO

কোন এই মহাপ্ৰতাপী নাৰী? মাজনিশা কাজিৰঙাত কৰে নৈশ বিহাৰ, গোচৰ ৰুজু…VIDEO

ডিজিটেল ডেস্কঃ এগৰাকী মহাপ্ৰতাপী নাৰী। মন গ'লেই সোমাই যায় কাজিৰঙালৈ। যিসময়ত বন্যপ্ৰাণীবোৰে জিৰণী লয়, সেই সময়ত নাইট ছাফাৰীৰে কাজিৰঙাৰ ভিতৰত সোমাই ঢেকীয়াপতীয়া বাঘৰ ফটো তোলে ছাৰ্জ লাইট মাৰি।

হাঁহি-ফূৰ্তি কৰি এনেদৰে কাজিৰঙাত বন আইন উলংঘা কৰা এই মহাপ্ৰতাপী নাৰীয়ে ছ'চিয়েল মিডিয়াত আপলোড কৰিলে নিশা কাজিৰঙাৰ ভিতৰত সংগ্ৰহ কৰা ঢেকীয়াপতীয়া বাঘৰ দৃশ্য। ফেচবুক একাউণ্টৰ পৰা সেই দৃশ্য ৰাজহুৱা কৰি তেওঁ জনাইছিল কিদৰে উপভোগ কৰে কাজিৰঙা।

কিন্তু এই দৃশ্য ছ'চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে জাঙোৰ খাই উঠে স্থানীয় দল-সংগঠন। কেনেকৈ ইচ্ছানুসৰিয়েই বন বিভাগৰ সকলো নিয়ম ভৰিৰো মোহাৰি এই নাৰীগৰাকীয়ে কাজিৰঙাত সোমাই নৈশ বিহাৰ কৰিলে বুলি প্ৰশ্ন তুলি স্থানীয় জীপাল কৃষক শ্ৰমিক সংঘই ৰুজু কৰিছে গোচৰ।

ছ'চিয়েল মিডিয়াত এনে প্ৰতিক্ৰিয়াৰ পাছত অৱশ্যে এই মহিলাগৰাকীয়ে ডি-এক্টিভ কৰিছে তেওঁৰ ফেচবুক একাউণ্টটো। যিগৰাকী মহিলাই তেওঁৰ ম'বাইলত কাজিৰঙাৰ ভিতৰত প্ৰৱেশ কৰি ছাৰ্জ লাইট মাৰি বাঘৰ দৃশ্য গ্ৰহণ কৰিছিল , সেই মহিলাগৰাকীৰ নাম সত্যপ্ৰিয়া শিৱকুমাৰ।

মহিলাগৰাকীৰ আছে বিশেষ পৰিচয়। তেওঁৰ স্বামীৰ নাম পি শিৱকুমাৰ। ভাৰতীয় বন সেৱাৰ এই গৰাকী বিষয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক। সেয়েহে স্বামীৰ ক্ষমতাৰ বলিয়ান হৈ কিছু সংখ্যক সংগীক লৈ এইদৰে তেওঁ কাজিৰঙাত যি ইচ্ছা তাকেই কৰি গ'ল।

নিৰাপত্তাৰ দিশৰ পৰাও অতি স্পৰ্শকাতৰ কাজিৰঙাৰ ভিতৰলৈ বিভাগীয় নীতি আৰু আইন অনুসৰি বনকৰ্মীৰ বাহিৰে আন লোকে প্ৰৱেশ কৰি নোৱাৰে। কিন্তু ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকৰ পত্নী হোৱা সূত্ৰেই ইচ্ছা গ'লেই বন বিভাগৰ বিষয়া-কৰ্মীক নিৰ্দেশ দি ৰাষ্ট্ৰীয় উদ্যানখনত তিঘিলঘিলাই ফুৰে এই মহিলাগৰাকীয়ে।

যোৱা দুদিনৰ পূৰ্বে এইগৰাকী মহিলাই ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা আৰু তাত ছাৰ্জ লাইট মাৰি ভিডিঅ' সংগ্ৰহ কৰাৰ বিৰুদ্ধে বন মন্ত্ৰী তথা জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কাজিৰঙাৰ স্থানীয় ৰাইজে।

এই সন্দৰ্ভত ইতিমধ্যে গোলাঘাট আৰক্ষী আৰু বন্যপ্ৰাণী বিভাগৰ মুখ্য বনসংৰক্ষক ডি পি বাংখৱাল আৰু কেন্দ্ৰীয় বন মন্ত্ৰী প্ৰকাশ জাবেদকাৰলৈ প্ৰেৰণ কৰা হৈছে অভিযোগ পত্ৰ। ২৩ ফেব্ৰুৱাৰী, ২০২০ত কঁহৰা আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰা এজাহাৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে যদিও এই এজাহাৰাৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰে নে নাই সেয়া স্পষ্ট হোৱা নাই। কিন্তু কাজিৰঙাত এনে বন্যপ্ৰাণীৰ স্বাৰ্থলৈ পিঠি দি আমোদ-প্ৰমোদৰ বাবে কৰা এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ দাবী জনাইছে জীপাল তথা প্ৰাকৃতিক প্ৰেমী সংগঠনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in