বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰা গাঁওখন, পৰ্যটক গ’লেই হৈ পৰে অচেতন

বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰা গাঁওখন, পৰ্যটক গ’লেই হৈ পৰে অচেতন

ডিজিটেল ডেস্কঃ ধৰক আপুনি খোজকাঢ়ি গৈ আছে, কিম্বা গাড়ীৰ চিটত বহি ষ্টিয়েৰিঙত হাত থৈ গুনগুনাই গৈছে আপোনাৰ প্ৰিয় গীতৰ কলি.. নাই কোনো অৱসাদ, ভাগৰো লগা নাই আপোনাৰ। নিশা ভালদৰেই টোপনিও মাৰি লৈছিল। কিন্তু হঠাৎ চকু মুদ খাবলৈ আৰম্ভ কৰিলে। মদাহীৰ দৰে আপোনাৰ খোজবোৰ ঢলং পলং হৈ পৰিল। দীঘলকৈ হামি এটা মাৰি আপুনি য'তেই আছিল যিদৰে আছিল তেনেকৈয়ে শুই পৰিবলৈ বাধ্য হ'ল। আপোনাৰ বাবে এয়া কেনে অভিজ্ঞতা হ'ব পাৰে, এবাৰ কল্পনা কৰক।

কিয়নো বিশ্বৰ এনে এখন গাঁৱৰ কথা পোহৰলৈ আহিছে, য'ত কোনো লোক প্ৰৱেশ কৰাৰ লগে লগে নিদ্ৰাত ঢলি পৰে। এই গাঁওখনৰ ওপৰত এতিয়া সমগ্ৰ বিশ্বৰ বৈজ্ঞানিক, গৱেষক সকলৰ দৃষ্টি নিৱদ্ধ হৈ পৰিছে। কিয়নো এনেদৰে হঠাৎ শুই পৰা ঘটনা এজন বা দুজনৰ লগতে হোৱা নাই, বিগত ৫ বছৰত এই গাঁওখনত প্ৰৱেশ কৰিয়েই হঠাৎ এনেদৰে অচেতন হৈ পৰিছে শতাধিক লোক। আনকি এনেদৰে ঘটনাস্থলীতে অচেতন হৈ পৰি মৃত্যুমুখতো পৰিবলগীয়া হৈছে কেইবাজনো।

কাজাকিস্তানৰ এখন গাঁৱৰ নাম হৈছে কালাচি। প্ৰাকৃতিক সৌন্দৰ্য আৰু পৌৰাণিক কীৰ্তিচিহ্নৰে ভৰপূৰ এই গাঁওখনত ২০১৩ চনৰ এটা দুপৰীয়া এজন পৰ্যটক হঠাৎ ঢলি পৰে। ইয়াৰ পিছত সম্পূৰ্ণ তিনি দিন পিছত পৰ্যটকগৰাকী সাৰ পায়। গাঁওখনৰ আন আন লোকসকলে এয়া এক সাধাৰণ ঘটনা হিচাপেই ধৰি লৈছিল। ভৱা হৈছিল যে পৰ্যটকগৰাকী অসুস্থ হোৱা বাবেই এনেদৰে ঢলি পৰে আৰু টোপনি যায়। কিন্তু এই ঘটনাৰ এসপ্তাহৰ ভিতৰত আন দুজন পৰ্যটক গাঁওখনত প্ৰৱেশ কৰিয়েই এনেদৰে অচেতন হৈ পৰাত ঘটনাটো সকলোৰে দৃষ্টিগোচৰ হয়।

এনদৰে কম সময়ৰ ভিতৰতে কেইবাজনো লোক গাঁওখনৰ ভিতৰত কোনো কাৰণ নথকাকৈ হঠাৎ অচেতন হৈ পৰাত বিষটোৱে চৰ্চা লাভ কৰিবলৈ আৰম্ভ কৰে। বহু বৈজ্ঞানিক, চিকিৎসক, গৱেষকে গাঁওখনৰ জলবায়ু, পানী আদি পৰীক্ষা কৰে যদিও কতো এনে কোনো তথ্য লাভ কৰিবলৈ সক্ষম নহ'ল যাৰ দ্বাৰা অচেতন হোৱাৰ ৰহস্য ফাদিল হয়।

অৱশ্যে এই ঘটনা কেৱল গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ অহা অন্য ঠাইৰ পৰ্যটকসকলৰ লগতহে সংঘটিত হৈ আহিছে। বিগত ৫ বছৰত গাঁওখনত ১২০ লোকে হঠাৎ অচেতন হৈ পৰাৰ ঘটনা সংঘটিত হৈছে। লগতে গাঁওখনত সংঘটিত হোৱা বাহন দুৰ্ঘটনাসমূহো এনে এক কাৰণতে সংঘটিত হৈ অহা বুলিও সন্দেহ কৰা হৈছে।

আনহাতে যি সকলে এনেদৰে হঠাৎ টোপনি যায়, তাৰে কিছুমানে দিনটোৰ ভিতৰতে, কোনোবা জনে ২ দিনৰ পিছত বা আন কোনোবাজন সৰ্বাধিক এসপ্তাৰ পিছত সাৰ পায় পূৰ্বৰ অৱস্থা লাভ কৰে। অচেতন হৈ পৰা লোকসকলৰ শৰীৰ পৰীক্ষা কৰিও চিকিৎসকসকল আচৰিত হৈছে। কিয়নো এনেদৰে অচেতন হৈ পৰা লোকসকলৰ হৃদ স্পন্দন যথেষ্ট হ্ৰাস পায়। কিন্তু এনে অচেতনাৰ কাৰণ স্বাস্থ্যৰ অসুস্থতা নহয় বুলিও নিশ্চিত হৈছে চিকিৎসকসকল। এগৰাকী ভুক্তভোগীয়ে জনোৱা মতে- 'টোপনি যোৱাৰ আগমূহৰ্তত হঠাৎ মগজুৱে কাম কৰিবলৈ বন্ধ কৰা যেন অনুভৱ হয়। এনে লাগে যেন এমাহৰ নিদ্ৰাহীনতাৰে কটোৱাৰ পিছত শুবলৈ পোৱা গৈছে।'

ইফালে, এনে ঘটনা সংঘটিত হোৱাৰ মাত্ৰা যোৱা দুটা বছৰত বৃদ্ধি পোৱাত এই গাঁওখনক লৈ সমগ্ৰ বিশ্বত তীব্ৰ চাঞ্চল্য আৰু ৰহস্যৰ সৃষ্টি হৈছে। বহু গৱেষকে এনেদৰে অচেতন হৈ পৰাৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ গৈ বিফল হৈছে। আনহাতে এনে ঘটনাক গাঁওবাসীয়ে ভূত-প্ৰেতৰ ছায়া আখ্যা দিব খোজে। কোনো ঐশ্বৰিক শক্তিৰ ফলত পৰ্যটকসকল এনেদৰে হঠাৎ টোপনি যায় বুলি মন্তব্য সন্দেহ কৰে গাঁওখনৰ বাসিন্দাসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in