শেহতীয়া খবৰ
অৱশেষত কংগ্ৰেছত যোগদান এসময়ৰ বিজেপিৰ বহুবল্কী সাংসদ আৰ পি শৰ্মাৰ...  •  'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি মৃত্যু আৰক্ষীৰ হেড কণিষ্টবলৰ...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক...  •  মৃত্যু হ’ল উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ...  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আদৰণি জনাই কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...  •  ভাৰত আজি দৰিদ্ৰতামুক্ত হোৱাৰ পথতঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প  •  মাৰ্কিন ৰাষ্ট্ৰপতিৰ মুখত বলীউডৰ প্ৰশংসা...  •  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই গণতান্ত্ৰিক দেশৰ এগৰাকী সফল নেতাঃ ডোনাল্ড ট্ৰাম্প

সুৰাৰ ৰাগীত পৰ্যটক উঠিলগৈ জিৰাফৰ পিঠিত… ভাইৰেল VIDEO

761

ডিজিটেল ডেস্কঃ আপুনি চিৰিয়াখানালৈ নিশ্চয় গৈছে। হাতী, ঘৰিয়াল, জলহস্তী, জিৰাফ, বান্দৰ এইবোৰৰ কাষৰ পৰা চাবলৈ পৰ্যটকসকল যায় চিৰিয়াখানালৈ। কিন্তু বন্যপ্ৰাণী থকা গড়ালসমূহৰ সন্মুখত লিখা থাকে- ‘কাষলৈ নাযাব’ বা ‘বন্যপ্ৰাণীক চুবলৈ চেষ্টা নকৰিব’।

কিন্তু কাজাখিস্তানৰ এখন চিৰিয়াখানাত দেখা গ’ল এক আজৱ দৃশ্য। আৰু সেই দৃশ্যৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে বৰ্তমান ছ’চিয়েল মিডিয়াত। দৰাচলতে, চিৰিয়াখানালৈ যোৱা এজন যুৱকে সুৰাসত্ত অৱস্থাত এটা জিৰাফৰ পিঠিত উঠি বহিলগৈ।

জিৰাফক ৰখা গড়ালটোৰ বেৰত বগাই উঠি প্ৰথমে জিৰাফটোক হাতেৰে চুই চালে সুৰাসত্ত যুৱকজনে। তাৰপাছত উঠিলগৈ জিৰাফটোৰ পিঠিত। গড়ালটোৰ সন্মুখত থকা সকলোৱে সেই দৃশ্য পৰিলক্ষিত কৰাৰ লগতে একাংশই মবাইলত বন্দী কৰিলে ভিডিঅ’।

এবাৰ জিৰাফটোৱে গাটো জোকাৰি যুৱকজনক নমাই দিয়াৰ পাছত পুনৰ যুৱকজন উঠিলগৈ জিৰাফটোৰ পিঠিত। বেচেৰা জিৰাফটোৱেনো কৰিব কি? সুৰাৰ ৰাগীত থকা যুৱকজনে পিছে জিৰাফৰ পিঠিত উঠিব বুলি যেন প্ৰতিজ্ঞাৱদ্ধহে হৈছিল! সেয়েহে দুবাৰকৈ উঠিলগৈ জিৰাফটোৰ ওপৰত।

স্থানীয় সংবাদ মাধ্যম অনুসৰি, কাজাখিস্তানৰ ছিমংকেট চিৰিয়াখানাত সংঘটিত হৈছিল এই ঘটনাটো। যেতিয়া যুৱকজনে জিৰাফটোৰ পিঠিত পিঠিত উঠিছিল, সেই সময়ত তেওঁ সুৰাসত্ত অৱস্থাত আছিল। জানিব পৰা মতে, আৰক্ষীয়ে এই যুৱকজনৰ সন্ধান বিচাৰি ফুৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি