বিশাল জনতাৰ মাজত হেৰাল কোভিড প্ৰটকলঃ মুখ্যমন্ত্ৰীৰ উপস্থিতিত মঙলদৈ মনপুৰ পথাৰত কাতি বিহু…

বিশাল জনতাৰ মাজত হেৰাল কোভিড প্ৰটকলঃ মুখ্যমন্ত্ৰীৰ উপস্থিতিত মঙলদৈ মনপুৰ পথাৰত কাতি বিহু…

প্ৰতিদিন সংবাদ, দৰং-ওদালগুৰিঃ মঙলদৈ চহৰৰ সমীপৱৰ্তী মনপুৰ পথাৰত আজি দৰং জিলা প্ৰশাসনে আয়োজন কৰা কাতি বিহুত বন্তি প্ৰজ্বলন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। মনপুৰ পথাৰত মুখ্যমন্ত্ৰীৰ লগতে এহেজাৰ গৰাকী মহিলাইয়ো অংশ লয়। প্ৰায় কুৰি বিঘা মাটিৰ ধাননি পথাৰত অনুস্হিত কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, বিধায়ক তথা সভাপতি ৰঞ্জিত দাস, গুৰুজ্যোতি দাস, বিনন্দ শইকীয়া, পৰ্যটন উন্নয়ণ নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা সহ বিভিন্ন বিষয় ববীয়াই ভাগ লয়।

প্ৰায় এহেজাৰোধিক মহিলাই আবেলিৰ পৰা পথাৰত বন্তি জ্বলাবলৈ অৱস্হান কৰাৰ পাছত ফুটগধূলি মুখ্যমন্ত্ৰীৰ কনভয় উপস্হিত হয় আৰু লগে লগে বন্তি প্ৰজ্বলন আৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে এমপিকে পথতে এখন সভাত অংশ লয় আৰু কাতি বিহুৰ পৰম্পৰা ২০১৬ চনৰে পৰা চৰকাৰে আয়োজন কৰাৰ তথ্য দি কৃষক সকলৰ উন্নতিৰ বাবে প্ৰাৰ্থনা কৰাটোৱেই উপলক্ষ্য বুলি প্ৰকাশ কৰে।

ইপিনে, মঙলদৈ সনাতন ধৰ্মসভা প্ৰাঙ্গণত অনুস্হিত ৰাজ্যিক অনুসূচীত জাতি মৰ্চাৰ এখন কাৰ্যনিৰ্বাহকত বন্তি জ্বলাই মুখ্যমন্ত্ৰীয়ে ভাগ লয়। সভাত মুকলিভাৱেই সভাপতি ৰঞ্জিত দাসে নিৰ্বাচনী ৰণশিঙা বজোৱা বুলি ঘোষণা কৰে। তেও কয় ৰাজ্যত বিজেপি চৰকাৰে বিগত প্ৰায় চাৰে চাৰি বছৰে ১৯,০০০ কিমি পথ নতুনকৈ নিৰ্মান কৰিছে। কোনো চৰকাৰে ইমান খিনি পথ নিৰ্মান সক্ষম হোৱা নাছিল। কংগ্ৰেছ চৰকাৰৰ দিনত মাত্ৰ ২ খন মেডিকেল কলেজ স্হাপন কৰিছিল কিন্তু আমাৰ চৰকাৰৰ দিনত ৮ খনকৈ নতুন কলেজ স্হাপন কৰিছে।

ইয়াৰে লখিমপুৰত স্হাপিত কলেজ খনত পাঠদান আৰম্ভ হৈছে। ইয়াত বাদেও প্ৰতিটো বিপিএল পৰিয়াললৈ আমি ৭ লাখকৈ স্বাস্হ্যৰ ধন দিছো। ইয়াৰে ৮৫ হাজাৰে অটল অমৃত অথবা আয়ুস্মান কাৰ্ডৰ সুবিধা লৈছে । হিন্দু, মুছলিম বুলি নহয় সকলো দৰিদ্ৰই এই অটল অমৃত বা আয়ুস্মান যোজনাৰ সুবিধা পাইছে । ১.৫৩ লাখ বৃদ্ধ মহিলালৈ পেন্সন, ১.৮৬ লাখ বৃদ্ধলোকলৈ পেন্সন সহ অবিবাহিতা, উঠি অহা যুৱক কোনে কি সুবিধা পোৱা নাই ?

শিক্ষাৰ্থীৰ পৰা বয়সীয়ালৈ এইবোৰ যে সুবিধা পালে তেওঁলোকক কৰ্মীসকলে লগ কৰক। নিজৰ বুথত এইবোৰ কওঁক, তাৰ পাছত ৰাইজে আকৌ বিজেপি চৰকাৰকেই বিচাৰিব। গতিকে আগন্তুক ১৫০ দিন হব আপোনালোকৰ প্ৰচাৰৰ দিন। সকলোৱে মুখপাত্ৰৰ দৰে প্ৰচাৰত নামিব, চাব বিজেপিয়ে শতাধিক আসন লৈ চৰকাৰ কৰিব । দাসৰ পিচে ৰণশিঙা বজাই থাকোতেই মঞ্চত প্ৰৱেশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগে লগে সোণোৱালে বন্তি প্ৰজ্বলন কৰি সম্বৰ্ধনা গ্ৰহন কৰে আৰু পাছলৈ ভাষণ প্ৰদান কৰে।

অনুসূচীত জাতি মৰ্চাৰ সভাপতি নাবাৰুণ মেধি, সাংসদ দিলীপ শইকীয়া সহ মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়া, মন্ত্ৰী ভৱেশ কলিতা, পৰ্যটন উন্নয়ণৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা সহ দলীয় নেতা, কৰ্মীৰ সমুখত মুখ্যমন্ত্ৰীয়ে দলীয় কৰ্মী, বিষয়া সকলক সমৰ্পনৰ মনোভাৱেৰে পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ জয় কৰিবলৈ আহ্বান জনায়।

দু-দিনীয়া কাৰ্যসূচীৰে মঙলদৈ সনাতন ধৰ্মসভা প্ৰাঙ্গনত অনুস্হিত সভাত বিশাল তোৰণ দি এক নতুন পৰিৱেশৰ সৃষ্টি কৰে। সভাত প্ৰতিগৰাকী নেতা, কৰ্মীৰ মুখত দেখা গল মাস্ক। কাইলৈ সভাত মন্ত্ৰী ডঃহিমন্তবিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি সকলো কৰ্মীকেই উৎসাহিত কৰাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in