আজি কাতি বিহু

আজি কাতি বিহু

ডিজিটেল ডেস্কঃ আজি কাতি বিহু। এই বিহুৰ সময়ত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। কোৰোনা সৃষ্ট পৰিবেশৰ মাজতে অসমৰ জাতীয় সংস্কৃতি তথা বৰ্ণাঢ্য লোক পৰম্পৰাক সৰোগত কৰি শনিবাৰে উদযাপিত হ'ব কৃষিজীৱি ৰাইজৰ অন্যতম লোক উৎসৱ কাতি বিহু।

চোতালৰ তুলসীজোপাৰ তলত চাকি জ্বলোৱাৰ লগতে শস্য শ্যামলা পথাৰখন লখিমীৰে উপচি পৰাৰ প্ৰাৰ্থনা জনাই ধাননি পথাৰত জ্বলাব এগচি বন্তি। কাতি মাহত কৃষকৰ পথাৰখন প্ৰাণৱন্ত হৈ পৰে। সেউজীয়া হৈ পৰে কৃষকৰ সপোনবোৰ। কৃষিজীৱি ৰাইজে সেউজীয়া পথাৰত এগছি বন্তি জ্বলাই অদৃশ্য জনৰ প্ৰতি প্ৰণিপাত জনাই ভৰসা আৰু অফুৰন্ত আত্মতৃপ্তিৰ সুখ লাভ কৰে।

এই সময়ছোৱাত পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰাৰ মুখ্য উদ্দেশ্য আগত ৰাখিয়েই অতীজৰে পৰা পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে কাতি বিহু। তদুপৰি গো–লক্ষ্মীক উদ্দেশ্যি গোহালি ঘৰ, লক্ষ্মী বাস কৰা ভঁৰাল ঘৰ, তামোল–নাৰিকলৰ আদিৰ তলতো শনিবাৰে প্ৰতিজন অসমীয়াই জ্বলাব ভক্তিৰ চাকিগচি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in